ETV Bharat / state

Suicide at Barsala: বিহপান কৰি আত্মহত্যা নৱম শ্ৰেণীৰ ছাত্ৰী

author img

By

Published : Jul 26, 2022, 3:31 PM IST

ৰাজ্য়ত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা । নৱপ্ৰজন্মৰ মাজত আত্মহত্যাৰ প্ৰৱণতা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে । এইবাৰ বঙাইগাঁৱৰ বৰচলাৰ এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ আত্মহত্য়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত (Class IX student commits suicide) ।

student from jania commits suicide
Suicide at Barsala: বিহ পান কৰি আত্মহত্যা নৱম শ্ৰেণীৰ ছাত্ৰী

জনীয়া,২৬ জুলাই: এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাই জোকাৰিছে বঙাইগাঁৱৰ বৰৈচালা(Suicide at Barasala in Bongaigaon) । বিহপান কৰি আত্মহত্যা কৰে নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে(Class IX student commits suicide) । মাতৃয়ে পঢ়াৰ বাবে হেঁচা দিয়াৰ বাবেই আত্মহত্যা কৰা বুলি সন্দেহ কৰে ছাত্ৰীগৰাকীৰ আত্মীয়ই ।

বঙাইগাঁও জিলাৰ বৰৈচালা গাঁৱৰ এগৰাকী কিশোৰীয়ে মঙলবাৰে পুৱা প্ৰায় ৮ মান বজাত বিদ্যালয়লৈ যোৱাৰ সময়ত গোপনে বিহপান কৰে । পিছ মূহুৰ্তত ছাত্ৰী গৰাকীৰ মুখেৰে তেজ ওলোৱা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ পৰিয়ালৰ লোকে বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে ।

Suicide at Barsala: বিষ পান কৰি আত্মহত্যা নৱম শ্ৰেণীৰ ছাত্ৰী

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও চলিত মাহৰ ১৭ তাৰিখে মাতৃয়ে পঢ়াৰ বাবে হেঁচা দিয়াত ছাত্ৰী গৰাকীয়ে নদীত জাঁপ দি আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল যদিও ৰাইজে উদ্ধাৰ কৰিছিল । ছাত্ৰীগৰাকীৰ অকাল মৃত্যুত অঞ্চলজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক: Seleng Tea Estate accident : মইনা নায়কৰ দৰেই আন এজন কিশোৰ শ্ৰমিক আহত দুৰ্ঘটনাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.