ETV Bharat / state

কলগাছিয়াত এখন ট্ৰেক্টৰে লগাইছে তিনি ব্যক্তিৰ মাজত পয়মাল

সাৱধান ! ৰাজ্যত এতিয়া ঠগ-প্ৰৱঞ্চকৰ দপদপনি ৷ গাড়ী ভাড়ালৈ দিওঁতে সাৱধান হওক আপুনিও ৷ গাড়ী ভাড়া মৰাৰ নামত আপোনাৰ গাড়ী যাব পাৰে অন্য ব্যক্তিৰ হাতলৈ ৷

author img

By

Published : Aug 22, 2021, 2:11 PM IST

kalgachia fraud news
কলগাছিয়াত এখন ট্ৰেক্টৰে লগাইছে তিনিজন ব্যক্তিৰ মাজত পয়মাল

জনীয়া, 22 আগষ্ট : এখন ট্ৰেক্টৰ ৷ এখনে ট্ৰেক্টৰে লগাইছে অথন্তৰ ৷ এই ট্ৰেক্টৰ খনক কেন্দ্ৰ কৰি এটা অঞ্চলত সৃষ্টি হৈছে তাব্ৰ চাঞ্চল্য ৷

ঘটনাৰ স্থান কলগাছিয়া ৷ এখন ট্ৰেক্টৰে লগাইছে ছোবাহান আলিৰ জীৱনত কেনা ৷ নভবাকৈ ছোবাহান আলিয়ে কৰিছিল কিছু কাম, যি কামে এতিয়া পয়মাল লগাইছে ছোবাহান আলিৰ লগতে আন তিনিটা পৰিয়ালত ৷

ঘটনাৰ বিৱৰণি অনুসৰি, ছোবাহান আলিয়ে বিভিন্ন ঠাইৰ পৰা মাহেকীয়া ভাড়াৰ নামত ট্ৰেক্টৰ আনি বেলেগৰ ওচৰত বন্ধকত ৰাখে ৷ যাৰ পৰা ছোবাহান আলিয়ে লাভ কৰে লাখ লাখ টকা ৷ কিন্তু এই ব্যৱসায় নিটিকিলে বেছি দিন ৷

অভিযোগ অনুসৰি, ছোবাহান আলিয়ে কিছু দিন পূৰ্ৱে ৰাশিদুল ইছলাম নামৰ এজন ব্যক্তিৰ পৰা গাড়ী ভাড়া মৰাৰ নামত আনিছিল ট্ৰেক্টৰ ৷ কিন্তু ভাড়া মৰাৰ বিপৰীতে গৰাকীৰ অমতত ছোবাহান আলিয়ে বাবুল নামৰ আন এজন লোকৰ ঠাইত ভাড়ালৈ অনা গাড়ীখন থয় বন্ধকত ৷

লগতে পঢ়ক: ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰি আৰক্ষীৰ জালত দুই দালাল

কিন্তু মঙলবাৰে মঙল বেয়া আছিল ছোবাহান আলিৰ ৷ ট্ৰেক্টৰৰ গৰাকী ৰাশিদুল ইছলামে বাবুলৰ হাতত বন্ধকত ট্ৰেক্টৰখন থোৱাৰ কথা জানিব পাৰি উপস্থিত হয় বাবুলৰ ঘৰত ৷ বাবুলৰ ঘৰৰ পৰা গাড়ীৰ গৰাকীয়ে লৈ যাবলৈ উদ্যত হয় গাড়ীখন ৷ কিন্তু গাড়ীখন বাবুলে নিব নিদিয়াত অঞ্চলটোত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশ ৷ পৰৱৰ্তী সময়ত ট্ৰেক্টৰৰ গৰাকীয়ে কলগাছিয়া বজাৰত অভিযুক্ত ছোবাহান আলিক আটক কৰি খুটাত বান্ধি উত্তম মাধ্যম সোধায়।

উল্লেখ্য যে, বঙাইগাঁও জিলাৰ ছালাবিলা ভাণ্ডাৰা গাঁৱৰ ৰাশিদুল ইছলাম নামৰ এজন যুৱকে আন এজন ব্যক্তিৰ ট্ৰেক্টৰ গুনিয়ালগুৰিৰ ছোবাহান আলীৰ ওচৰত মাহেকত ২০,০০০ হাজাৰ টকাকৈ ভাড়াত দিছিল । কিন্তু প্ৰৱঞ্চক ছোবাহান আলীয়ে ভাড়াৰ টকা পৰিশোধ নকৰি কলগাছিয়াৰ বাবুল হুছেন নামৰ আন এজন ব্যক্তিৰ ওচৰত ২ লাখ ৫০ হাজাৰ টকাৰ বিনিময়ত ট্ৰেক্টৰখন বন্ধকত থয় ।

কিন্তু মঙলবাৰে ট্ৰেক্টৰৰ গৰাকী ৰাশিদুল ইছলামে প্ৰৱঞ্চক ছোবাহান আলীক দেখা পোৱাৰ লগে লগে একাংশ ৰাইজক লগত লৈ ছোবাহান আলীক খুটাত বান্ধি ৰাখি উত্তম মাধ্যম দিয়ে ।

লগতে পঢ়ক: কোকৰাঝাৰত আৰক্ষী-ডকাইতৰ মাজত সংঘৰ্ষত নিহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.