ETV Bharat / state

কলগাছিয়াত অন্ধবিশ্বাসৰ কৱলত গঞা

অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত কলগাছিয়াৰ একাংশ লোক ৷ শেহতীয়াকৈ কলগাছিয়াৰ খেল্লীত পোৱালি জন্ম নিদিয়াকৈ গাখীৰ দিয়া গাই গৰুক দৈৱ গৰু আখ্যা দি গাখীৰত ঔষদি গুণ থকাৰ অপপ্ৰচাৰ।

author img

By

Published : Aug 4, 2019, 12:29 PM IST

কলগাছিয়াত অন্ধ বিশ্বাসৰ কৱলত গঞা

জনীয়া, 4 আগষ্টঃ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা আজিকোপতি মুক্তি পোৱা নাই কলগাছিয়াৰ একাংশ লোকে ৷ শেহতীয়াকৈ কলগাছিয়াৰ খেল্লীত পোৱালি জন্ম নিদিয়াকৈ গাখীৰ দিয়া গাই গৰুক দৈৱ গৰু আখ্যা দি গাখীৰত ঔষদি গুণ থকাৰ অপপ্ৰচাৰ। এই গাখীৰ ঔষধি আৰু দৈৱ গুণ সম্পন্ন আৰু দৈৱ গাইজনীৰ গাখীৰ খাই পেটৰ অসুখ, মূৰৰ বিষ, পেৰালাইচিচ আদি মাৰাত্মক বেমাৰ-আজাৰ ভাল হৈছে বুলি অপপ্ৰচাৰৰ উপৰি এই দৈৱ গাইজনীৰ গাখীৰ খালে মনৰ আশাও পূৰণ হয় বুলি এক অপপ্ৰচাৰ চলোৱাত অন্ধবিশ্বাস বিয়পি পৰিছে সমগ্ৰ অঞ্চলটোত।

কলগাছিয়াত অন্ধ বিশ্বাসৰ কৱলত গঞা

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ খেল্লী গাঁৱৰ ফজৰ আলীৰ ঘৰত সংঘটিত হোৱা এই নাভুত নাশ্ৰুত কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ফলত হাজাৰ হাজাৰ ৰোগীৰ লগতে দূৰ দূৰণিৰ পৰা লানি নিচিগা সোঁত ববলৈ ধৰিছে অন্ধবিশ্বাসৰ বিশ্বাসত বলিয়ান হোৱা দৰ্শকৰ। বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসালয়ৰ পৰিৱৰ্তে এতিয়া গো- পালক ফজৰ আলীৰ ঘৰলৈ ঢাপলি মেলিছে হাজাৰ হাজাৰ লোক। এই ঘটনাক একাংশ লোকে সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই অন্ধবিশ্বাস বুলি দাবী কৰাৰ লগতে প্ৰশাসনক অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

Intro:slug : as_jania_04aug_a_divine_cow_vis3+byte4+pho1_spl_pkg_story_asc10058

জনীয়া, ০৪ আগষ্ট: কলগাছিয়াৰ খেল্লীত পোৱালি জন্ম নিদিয়াকৈ গাখীৰ দিয়া গাই গৰুক দৈৱ গৰু আখ্যা দি গাখীৰত ঔষদি গুণ থকাৰ অপপ্ৰচাৰ। এই গাখীৰ খালে ৰোগ নিৰাময় হোৱাৰ প্ৰচাৰ এক অন্ধবিশ্বাস।Body:slug : as_jania_04aug_a_divine_cow_vis3+byte4+pho1_spl_pkg_story_asc10058

চিকিৎসা বিজ্ঞানৰ চৰম সীমা পোৱাৰ পিছতো কলগাছিয়াৰ খেল্লীত চৰম অন্ধ বিশ্বাসৰ কৱলত গঞা। এজনী গাই গৰুক লৈ চলিছে চৰম অপপ্ৰচাৰ। গাই গৰুজনী দৈৱ গুণ সম্পন্ন। যাৰ বাবে গো মাতাটোৱে পোৱালী জন্ম নিদিয়াকৈ বা গৰ্ভধাৰণ নকৰাকৈ দৈনিক ১৩ লিটাৰকৈ দিয়ে গাখীৰ। এই গাখীৰ ঔষধি আৰু দৈৱ গুণ সম্পন্ন। দৈৱ গাইজনীৰ গাখীৰ খাই পেটৰ অসুখ, মূৰৰ বিষ, পেৰালাইচিচ আদি মাৰাত্মক বেমাৰ-আজাৰ ভাল হৈছে বুলি অপপ্ৰচাৰৰ উপৰি। এই দৈৱ গাইজনীৰ গাখীৰ খালে মনৰ আশাও পূৰণ হয় বুলি এক অপপ্ৰচাৰ চলোৱাত অন্ধবিশ্বাস বিয়পি পৰিছে অঞ্চলটোত। ইয়াৰ উপৰিও ঈশ্বৰীক গো- মাতা তথা দৈৱ গাইগৰু জনীৰ শৰীৰৰ পৰা ওলায় সুগন্ধি। এই দৈৱ গো-মাতাই মাত্ৰ ৭ মাহ বয়সতেই হেনো দিছিল দিনত আঢ়ৈ লিটাৰকৈ গাখীৰ। বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ খেল্লী গাঁৱৰ ফজৰ আলীৰ ঘৰত সংঘটিত হোৱা এই নাভুত নাশ্ৰুত কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ফলত হাজাৰ হাজাৰ ৰোগীৰ লগতে দূৰ দূৰণিৰ পৰা লানি নিচিগা সোঁত ববলৈ ধৰিছে অন্ধবিশ্বাসৰ বিশ্বাসত বলিয়ান হোৱা দৰ্শকৰ। বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসালয়ৰ পৰিৱৰ্তে এতিয়া গো- পালক ফজৰ আলীৰ ঘৰলৈ ঢাপলি মেলিছে হাজাৰ হাজাৰ লোক। এই ঘটনা একাংশ সংবাদ মাধ্যম বা সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত একাংশ লোকে ইয়াক সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই ইয়াক অন্ধবিশ্বাস বুলি দাবী কৰাৰ লগতে প্ৰশাসনক অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ দাবী উঠাইছে।Conclusion:slug : as_jania_04aug_a_divine_cow_vis3+byte4+pho1_spl_pkg_story_asc10058

মন্তব্য: ৰাইজ আৰু স্বেচ্ছাসেৱী সংগঠনৰ মুৰব্বীৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত, অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.