ETV Bharat / technology

আগন্তুক বৰ্ষত আই পি এলৰ মেচ উপভোগ কৰক ডিজনী+ হটষ্টাৰত

Disney+ Hotstar: ডিজনী+ হটষ্টাৰৰ জৰিয়তে আই পি এল 2025 ৰ ক্ৰিকেট মেচসমূহ টেলিকাষ্ট কৰাৰ সিদ্ধান্ত লৈছে ৰিলায়েন্সে । ইতিমধ্যে সম্পন্ন যৌথ চুক্তি ।

author img

By ETV Bharat Tech Team

Published : 2 hours ago

Etv Bharat
আগন্তুক বৰ্ষত আই পি এলৰ মেচ উপভোগ কৰক ডিজনী+ হটষ্টাৰত (ETV Bharat)

হায়দৰাবাদ: ভাৰতৰ ষ্ট্ৰীমিং উদ্যোগৰ এক বৃহৎ অনুষ্ঠানত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে নিজৰ জিঅ’ চিনেমা ষ্ট্ৰীমিং সেৱা ডিজনী+ হটষ্টাৰৰ সৈতে একত্ৰিত কৰিছে । ৰিলায়েন্সৰ নেতৃত্বত থকা সহযোগী কোম্পানী Viacom Networks আৰু ডিজনীৰ ষ্টাৰ ইণ্ডিয়াই নতুন চুক্তিত স্বাক্ষৰ কৰিছে ।

সেই অনুসৰি এতিয়া ডিজনী+ হটষ্টাৰত জিঅ’ চিনেমাৰ ভিডিঅ’ চাব পাৰিব । একেদৰে কোম্পানীটোৱে আগন্তুক আই পি এল 2025 ক্ৰিকেট মেচসমূহ ডিজনী+ হটষ্টাৰত সম্প্ৰচাৰৰ বাবে আগবাঢ়ি আহিছে ।

ৰিলায়েন্সৰ মতে যদিহে এই চুক্তি বাস্তৱায়িত হয় তেন্তে ই এমাজন প্ৰাইম ভিডিঅ’ আৰু নেটফ্লিক্সৰ দৰে বহুজাতিক কোম্পানীসমূহৰ সৈতে পোনপটীয়াকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব । যেতিয়া দুয়োটা ডাঙৰ কোম্পানীৰ অ’টিটি প্লেটফৰ্ম একত্ৰিত হ’ব, তেতিয়া বৃহৎ সংখ্যক লোকে বিচৰা কন্টেন্ট এটা প্লেটফৰ্মৰ জৰিয়তে উপলব্ধ হ’ব ।

ডিজনী+ হটষ্টাৰ কিয়?

  • Disney+ Hotstar ৰ শক্তিশালী কাৰিকৰী আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠিত ব্যৱহাৰকাৰী ভিত্তিৰ বাবে ৰিলায়েন্সে ইয়াক নিজৰ ফ্লেগশ্বিপ ষ্ট্ৰীমিং প্লেটফৰ্ম হিচাপে ধৰি ৰাখিবলৈ বাছি লৈছে ।
  • ডিজনী+ হটষ্টাৰক জিঅ’ চিনেমাত একত্ৰিত কৰাৰ বিকল্প বা ক্ৰীড়া আৰু মনোৰঞ্জনৰ বিষয়বস্তুৰ বাবে পৃথক প্লেটফৰ্ম বজাই ৰখাৰ বিকল্প বিবেচনা কৰাৰ পিছত এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

অ’টিডিৰ ওপৰত ক্ৰীড়াৰ প্ৰভাৱ!

  • ইয়াৰ জৰিয়তে আপুনি ডিজনী+ হটষ্টাৰত জনপ্ৰিয় ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)কে ধৰি বেছিভাগ লাইভ ক্ৰীড়া চাব পাৰিব।
  • অৰ্থাৎ বৰ্তমান জিঅ’ চিনেমাৰ হাতত আইপিএলৰ ডিজিটেল অধিকাৰ আছে যদিও ভৱিষ্যতৰ ছিজনসমূহ কেৱল ডিজনী+ হটষ্টাৰতহে ষ্ট্ৰীম কৰা হ’ব। ভাৰতত ক্ৰিকেট লাইভ সম্প্ৰচাৰৰ জৰিয়তে দৰ্শকৰ সংখ্যা আৰু বিজ্ঞাপনৰ পৰা লাভ কৰা উচ্চ ৰাজহৰ কথা মনত ৰাখি এই পৰিৱৰ্তন কৰা হৈছে।

চিচিআই অনুমোদিত আৰু নিৰ্ভৰশীলতা নিশ্চিত!

ভাৰতীয় প্ৰতিযোগিতা আয়োগে কিছু চৰ্ত সাপেক্ষে ২০২৪ চনৰ আগষ্ট মাহত ডিজনী-ৰিলায়েন্সৰ একত্ৰীকৰণত অনুমোদন জনাইছিল। লগতে ৰিলায়েন্সে আশ্বাস দিছে যে ক্ৰিকেট খেলৰ সময়ত দিয়া বিজ্ঞাপনৰ মূল্যবৃদ্ধি সঠিকভাৱে পৰিচালিত হ’ব।

লগতে পঢ়ক: জিঅ’, এয়াৰটেল, ভোডাফোন আইডিয়া - কোনে প্ৰদান কৰিছে উন্নত ৰিচাৰ্জ প্লেন ? - Reliance Jio vs Airtel vs Vi

জিঅ’ই মুকলি কৰিলে JioBharat V3 আৰু V4 4G ফিচাৰ ফোন

Jio গ্ৰাহকৰ বাবে সুখবৰ : ঘৰতে অনায়াসে লাভ কৰক Jio ছিম - Activate SIMs at home

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.