ETV Bharat / sports

বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্টত ইতিহাস; কাগিচো ৰাবাডাৰ 300 উইকেট - KAGISO RABADA TEST RECORDS

BAN vs SA: কাগিচো ৰাবাডাই বাংলাদেশ-দক্ষিণ আফ্ৰিকাৰ প্ৰথম টেষ্টত সৃষ্টি কৰিছে ইতিহাস । আটাইতকৈ কম বলত 300 টা উইকেট দখল কৰা বলাৰত পৰিণত ৰাবাডা ৷

KAGISO RABADA TEST RECORDS
দক্ষিণ আফ্ৰিকাৰ তাৰকা ফাষ্ট বলাৰ কাগিছো ৰাবাডা (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Oct 21, 2024, 4:07 PM IST

স্প’ৰ্টছ ডেস্ক: দক্ষিণ আফ্ৰিকাৰ তাৰকা ফাষ্ট বলাৰ কাগিছো ৰাবাডাই ঢাকাৰ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত সৃষ্টি কৰিছে ইতিহাস । সোঁহতীয়া পেচাৰগৰাকীয়ে আটাইতকৈ কম বলত 300 টা টেষ্ট উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে ৷ সমান্তৰালকৈ এই তালিকাত থকা পাকিস্তানৰ ৱাকাৰ ইউনুছকো কৰে অতিক্ৰম ।

কাগিচো ৰাবাডাই ইতিহাস সৃষ্টি

ৰাবাডাই 11,817 টা বলত তেওঁৰ 300 টা টেষ্ট উইকেট সম্পূৰ্ণ কৰিছিল । ইয়াৰোপৰি ৰাবাডা ডেল ষ্টেইন আৰু এলান ড’নাল্ডৰ পিছত 300 টেষ্ট উইকেট দখল কৰা তৃতীয় দ্ৰুততম দক্ষিণ আফ্ৰিকাৰ বলাৰত পৰিণত হয় ৷ ৰাবাডাই তেওঁৰ 65 সংখ্যক টেষ্টত এই কৃতিত্ব অৰ্জন কৰে ৷ আনহাতে, ষ্টেইনে 61 সংখ্যক টেষ্টত এই কৃতিত্ব অৰ্জন কৰিছিল ।

ষ্টেন-ইউনুছ-ড’নাল্ডৰ দৰে প্ৰাক্তন কিংবদন্তীসকলৰ অভিলেখ ভংগ

দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত কাগিচো ৰাবাডা আৰু ৱিয়ান মুল্ডাৰে বলিং আৰম্ভ কৰে । ৰাবাডাই 14 অভাৰত প্ৰতিপক্ষৰ উইকেটকীপাৰ বেটছমেন মুশ্বফিকৰ ৰহিমৰ উইকেটটো দখল কৰি বেটছমেনগৰাকীক পেভিলিয়নলৈ পঠিয়ায় ৷ 29 বছৰীয়া বলাৰগৰাকীয়ে থ্ৰ’ কৰা বলটো বেটছমেনৰ সমীপৰ পৰা মিডল ষ্টাম্পৰ ওপৰেৰে পাৰ হৈ গৈছিল ।

প্ৰথম ইনিংছত 106 ৰাণত সীমাবদ্ধ বাংলাদেশ

বাংলাদেশৰ বেটছমেনসকলে দক্ষিণ আফ্ৰিকাৰ বলাৰসকলৰ মাৰাত্মক বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি প্ৰথম ইনিংছত সংগ্ৰহ কৰে মাত্ৰ 106 ৰাণ ৷ ৰাবাডা, মুল্ডাৰ আৰু কেশৱ মহাৰাজে 3 টাকৈ উইকেট দখল কৰে ৷ আনহাতে, ডেন পিডেটে মাহমুদুল হাছান জয়ৰ উইকেট দখল কৰে ।

কম বলত 300 টা টেষ্ট উইকেট দখল কৰা দ্ৰুততম বলাৰ

11817 - কাগিচো ৰাবাডা (দক্ষিণ আফ্ৰিকা)*

12602 - ৱাকাৰ ইউনুছ (পাকিস্তান)

12605 - ডেল ষ্টেইন (দক্ষিণ আফ্ৰিকা)

13672 - এলান ড’নাল্ড (দক্ষিণ আফ্ৰিকা)

টেষ্ট ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক উইকেট:

439 – ডেল ষ্টেইন (93 খন মেচ)

421 – শ্বন পোলক (108 খন মেচ)

390 - মাখায়া এনটিনি (101 খন মেচ)

330 – এলান ডনাল্ড (72 মেচ)

309 - মৰ্নে মৰ্কেল (86 খন মেচ)

309 - কাগিচো ৰাবাডা (65 খন মেচ)*

লগতে পঢ়ক: দ্বিতীয় আৰু তৃতীয় টেষ্টৰ বাবে দল ঘোষণা; ৱাশ্বিংটন সুন্দৰক মূল একাদশত অন্তৰ্ভুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.