জনীয়া, 3 জুন : জনীয়া সমষ্টিৰ অন্তৰ্গত বেছিমাৰীৰ পথৰ এটা কালভাৰ্ট বানপানীৰ সময়ত ভাঙি যোৱাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা । লাচাংগা গাঁও পঞ্চায়তৰ অনুদানেৰে সভানেত্ৰী ফৰিদা পাৰবিনে নিৰ্মাণ কৰিছিল টেঙাগাঁও-বেছিমাৰী সংযোগী উক্ত কালভাৰ্টটো ।
স্থানীয় লোকৰ অভিযোগ অনুসৰি ব্যাপক দুৰ্নীতি আৰু অতি নিম্নমানেৰে নিৰ্মাণ কৰাৰ বাবে কালভাৰ্টটো বানপানীত ভাঙি যায় ৷ যাৰ বাবে বৰ্তমান উক্ত পথটোৱে দি যাতায়াতৰ লগতে জৰুৰীকালীন সেৱা ব্যাহত হৈ পৰিছে বুলি সদৰি কৰিছে স্থানীয় লোকে ৷
মনকৰিবলগীয়া বৰ্তমান বেছিমাৰীৰ সমগ্ৰ অঞ্চলটোৰ ৰোগীসকলক এতিয়া কান্ধত তুলি চিকিৎসালয় লৈ অনা নিয়া কৰিবলগীয়া হৈছে ৷ অতি গুৰুত্বপূৰ্ণ এই পথটোৱে মোৱামাৰী, সৰভোগ আৰু কলগাছিয়া মাজত সংযোগ স্থাপন কৰিছে ৷
এই পথটো তথা কালভাৰ্টটো নিৰ্মাণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰা হৈছে যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ গতিকে শীঘ্ৰে উক্ত পথটো নিৰ্মাণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক পুনৰ বাৰ অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক: বৰেণ্য কথাশিল্পী, সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰা: জীৱন আৰু সাহিত্য