ETV Bharat / state

বীমা কেলেংকাৰীৰ পাচত বৰপেটাত এইবাৰ ঋণ কেলেংকাৰী

বৰপেটাত পোহৰলৈ আহিছে বেংকৰ ঋণ কেলেংকাৰীৰ তথ্য ৷ আৰক্ষীৰ আটক কৰিলে ঋণ কেলেংকাৰীত জড়িত এটা প্ৰৱঞ্চক ৷

author img

By

Published : Oct 11, 2019, 7:41 PM IST

বৰপেটাত আৰক্ষীৰ জালত বেংক প্ৰৱঞ্চক

বৰপেটা, 11 অক্টোবৰঃ বিগত দুমাহ ধৰি বেংকৰ ঋণ প্ৰদানৰ নামত ৰাইজক ঠগ-প্ৰৱঞ্চনা কৰি অহা এটা প্ৰৱঞ্চকক শুকুৰবাৰে আটক কৰিবলৈ সক্ষম হয় বৰপেটাৰ কয়াকুছি আৰক্ষীয়ে ৷ বৰপেটাৰ বিভিন্ন বেংক বিশেষকৈ ইউকো বেংকত গ্ৰাহকক ঋণ উলিয়াই দিয়াৰ নামত আব্দুল কাদেৰ নামৰ ধৃত প্ৰৱঞ্চকটোৱে দীৰ্ঘদিন ধৰি বহু কেলেংকাৰী সংঘটিত কৰি আহিছিল ৷

বৰপেটাত আৰক্ষীৰ জালত বেংক প্ৰৱঞ্চক

উল্লেখযোগ্য যে, গ্ৰাহকক বেংকৰ ঋণ উলিয়াই দিয়াৰ নামত বহু লোকৰ নামত গৃহ ঋণ লৈ নিজেই উলিয়াই নিছিল সমস্ত ঋণৰ টকা ৷ বছৰ বছৰ ধৰি এই প্ৰৱঞ্চনাৰ জাল ৰচি আহিছিল ধৃত প্ৰৱঞ্চকটোৱে ৷ অৱশেষত ভুক্তভোগী গ্ৰাহকসকলে আব্দুল কাদেৰৰ বিৰুদ্ধে সৰ্থেবাৰী থানা আৰু কয়াকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ৷ অৱশ্যে ডেৰমাহ পূৰ্বে এজাহাৰ দাখিল হোৱাৰ খবৰ পাই প্ৰৱঞ্চকটোৱে আত্মগোপন কৰি আছিল ৷ অৱশেষত শুকুৰবাৰে দুপৰীয়া উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে কয়াকুছিস্থিত নিজ গৃহৰ পৰা আটক কৰে প্ৰৱঞ্চক আব্দুল কাদেৰক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷ ইপিনে এই কেলেংকাৰীৰ সৈতে সংশ্লিষ্ট বেংকৰ বিষয়া-কৰ্মচাৰী জড়িত থকাৰো সন্দেহ ঘনীভূত হৈ পৰিছে ৷

লগতে পঢ়ক : মৰিয়নীৰ দুৰ্নীতিগ্ৰস্ত পঞ্চায়তৰ সচিবক গ্ৰেপ্তাৰ

Intro:
বৰপেটা ১১ অক্টোৱৰ: বীমা কেলেংকাৰীৰ পিছত এইবাৰ বৰপেটাত বেংকৰ ঋণ কেলেংকাৰী৷
আৰক্ষীয়ে আটক কৰিছে আব্দুল কাদেৰ নামৰ এটা প্ৰৱঞ্চকক ৷

প্ৰৱঞ্চকটোৰ ঘৰ সৰুক্ষেত্ৰীৰ কয়াকুছিত ৷

Body:বৰপেটাৰ বিভিন্ন বেংক বিশেষকৈ ইউকো বেংকত গ্ৰাহকক ঋণ উলিয়াই দিয়াৰ নামত আব্দুল কাদেৰ নামৰ দালালজনে সংঘটিত কৰিছিল বহু কেলেংকাৰী ৷

গ্ৰাহকক বেংকৰ ঋণ উলিয়াই দিয়াৰ পিছত উক্ত গ্ৰাহকজনৰ পৰা সংগ্ৰহ কৰা উকা চেকপাতেৰে ঋণৰ অধিকাংশ ধন নিজে উলিয়াই নি আত্মসাৎ কৰিছিল আব্দুল কাদেৰে ৷

বহু লোকৰ নামত হেনো গৃহ ঋণ লৈ নিজেই উলিয়াই নিচিল সমস্ত ঋণৰ টকা ৷

বছৰ বছৰ ধৰি এই প্ৰৱঞ্চনাৰ জাল ৰচি আহিছিল ধৃত প্ৰৱঞ্চকটোৱে ৷

অৱশেষত ভুক্তভোগী গ্ৰহকসকলে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ উপদেশ মৰ্মে আব্দুল কাদেৰৰ বিৰুদ্ধে সৰ্থেবাৰী থানা আৰু কয়াকুছি আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ ৷

উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে কয়াকুছিস্থিত নিজ গৃহৰ পৰা আটক কৰে প্ৰৱঞ্চক আব্দুল কাদেৰক ৷

আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷

ইপিনে এই কেলেংকাৰীৰ সৈতে সংশ্লিষ্ট বেংকৰ বিষয়া-কৰ্মচাৰী জড়িত থকাৰো সন্দেহ ৷

Conclusion:বাইটঃ আই চি/ কয়াকুছি আৰক্ষী চকী ৷

--- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.