বৰপেটা,১৭ এপ্ৰিল: সমগ্ৰ দেশতে কৰ’ণাৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰিছে ত্ৰাসৰ ৷ অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে ক্ৰমাৎ বৰপেটাতো কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ বৰপেটাত শনিবাৰৰ দিনটোলৈকে ৮৭ জন ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈছে ৷ ইয়াৰে ২ জন কৰ’ণা আক্ৰান্ত লোকক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়াৰ লগতে আন ৩ গৰাকী ৰোগী জিএমচিএইচত চিকিৎসাধীন হৈ আছে ৷
বৰপেটা মেডিকেল কলেজ হাস্পতালত ৪ গৰাকী আৰু বৰপেটা অসামৰিক চিকিৎসালয়ত ৪ গৰাকী লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷ আনহাতে, জিলাখনৰ আন ৭৪ গৰাকী ব্যক্তি কৰ’ণা আক্ৰান্ত লোকক নিজ গৃহতে আইছ'লেচনত ৰখা হৈছে ৷
ইপিনে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বৰপেটাত ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া ব্যাপক কৰি তোলা হৈছে ৷ বৰপেটাত এতিয়ালৈকে ৮২ হাজাৰ ৫৬৩ জন লোকক ভেকচিন প্ৰদান কৰা হৈছে ৷ ইয়াৰে ৭০ হাজাৰ ৫৯৮ গৰাকী লোকক প্ৰথম পালি আৰু ১১ হাজাৰ ৯৬৫ জন লোকক দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হৈছে বুলি জিলা যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ স্বাস্থ্য বিষয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: কৰ'ণা প্ৰতিষেধক বিক্ৰীৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ চিঠি