বৰপেটা, ৮ অক্টোবৰঃ ষষ্ঠীত প্ৰতিষ্ঠা কৰা দশভূজা দেৱী দুৰ্গাৰ আজি বিদায়ৰ ক্ষণ ৷ ঘোঁৰাত আগমন হোৱা দেৱী মাৰ আজি ঘোঁৰাতেই হ'ব গমন ৷ মহালয়াৰ দিনটোৰ পৰাই আনন্দ উলাহত আত্মহাৰা হৈ পৰা ৰাজ্যখনত মঙলবাৰে দেৱী বিদায়ৰ বিষাদ ৷ বিজয়া দশমীৰ দেৱী বিসৰ্জনৰ মাজতেই ঠায়ে ঠায়ে অনুষ্ঠিত হ'ব দশেৰা উৎসৱ ৷ ৰাৱণ বধৰ প্ৰতীকি হিচাপে ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে বৰপেটাৰ বহৰিৰ চানভিউ ফিল্ডত অনুষ্ঠিত হ'বলগীয়া দশেৰা উৎসৱত ৭২ ফুট উচ্চতাৰ ৰাৱণ দাহন কৰা হ'ব ৷ অনুষ্ঠানত প্ৰায় ১৫ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব ৷
বহৰিৰ তপন তালুকদাৰ নামৰ এগৰাকী স্থানীয় শিল্পীৰ নেতৃত্বত থলুৱাভাৱে কেইগৰাকীমান যুৱকে বৃহদাকাৰৰ ৰাৱণৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে ৷ ইপিনে দশেৰা উৎসৱৰ লগতে চানভিউ ফিল্ডৰ কাষতেই ৰাজহুৱা পুখুৰীত দেৱী বিসৰ্জন অনুষ্ঠিত হব ৷ বৃহত্তৰ বহৰি অঞ্চলৰ ১৩ খনকৈ দূৰ্গা পূজা মহোৎসৱৰ দেৱী প্ৰতিমাসমুহ এই চানভিউ ফিল্ডৰ ৰাজহুৱা পুখুৰীত বিসৰ্জন দিব ভক্তসকলে ৷ দেৱী বিসৰ্জনৰ বাবে বৰপেটা জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সাজু কৰি ৰখা হৈছে আৰক্ষী, এছডিআৰএফ, চিআৰপিএফ জোৱানসকলক ৷
লগতে চেঙাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে সকলো কামকাজ তদাৰক কৰি আছে ৷ বৰপেটাৰ বহু বিশিষ্ট ব্যক্তি আৰু প্ৰশাসনীয় বিষয়া আদিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই দেৱী বিসৰ্জন আৰু দশেৰা উৎসৱত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰা হ'ব ৷