বৰপেটা,16মে': বৰপেটাত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ শনিবাৰে জিলাখনত 6 গৰাকী ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ সম্প্ৰতি জিলাখনত ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 41 গৰাকীলৈ বৃদ্ধি পাইছে ৷
বৰপেটা জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে জিলাখনত 50 গৰাকী কৰ’ণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ পৰিৱৰ্তে শনিবাৰৰ দিনটোত জিলাখনত নতুনকৈ 171 গৰাকী লোক ক’ভিড-19 ত আক্ৰান্ত বুলি চিনাক্ত হৈছে ৷
উল্লেখ্য যে, বৰপেটা জিলাত মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 3113 গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে এতিয়ালৈকে বৰপেটাত মুঠ 1018 জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ আনহাতে, বৰপেটাত 2047 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷
লগতে পঢ়ক: ক'ভিড পৰিস্থিতিৰ বুজ লবলৈ ডিমা হাছাওত মন্ত্ৰী যোগেন মহন