ETV Bharat / state

কলগাছিয়াৰ শওপুৰত চাৰিচকীয়া আৰু বাইকৰ মুখামুখি সংঘৰ্ষত আহত 6

author img

By

Published : Jul 24, 2021, 6:27 PM IST

এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কলগাছিয়া আৰক্ষী থানা (Kalgachiya Police Station)ৰ অন্তৰ্গত কলগাছিয়াৰ শওপুৰত ৷ চাৰিচকীয়া আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাটোত মুঠ ৬ জন লোক গুৰুতৰভাৱে আহত হৈছে ৷

6 injured in a road aaccident in kalgasia
কলগাছিয়াৰ শওপুৰত চাৰিচকীয়া বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষত আহত 6 জন

জনিয়া, 24 জুলাই : বৰপেটা জিলাৰ জনিয়া বিধানসভা সমষ্টি (Janiya Constituency) তথা কলগাছিয়া আৰক্ষী থানাৰ (Kalgachiya Police Station) অন্তৰ্গত কলগাছিয়াৰ শওপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন চাৰিচকীয়া বাহন আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত মুঠ ৬ জন লোক গুৰুতৰভাৱে আহত হয় । জানিব পৰা মতে, বৰপেটাৰ পৰা বামুনটাৰী অভিমুখে গৈ থকা এএছ 15 পি 1467 টিভিএছ আপাচি (TVS Apache) মটৰ চাইকেলখনক বামুনটাৰীৰ পৰা বৰপেটা অভিমুখে গৈ থকা তীব্ৰবেগী এএছ 17 ই 6195 নম্বৰৰ চাৰিচকীয়া বাহন এখনে মুখামুখিকৈ খুন্দা মাৰে ।

এই ঘটনাৰ ফলত বাইক ‌আৰোহীজনৰ লগতে চাৰিচকীয়া বাহনখনৰ মুঠ ৬ জন লোক গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাটোৰ পিছত স্থানীয় ৰাইজে মৃত্যুঞ্জয় ১০৮ এম্বুলেঞ্চ(Mrityunjay 108 ambulance) যোগে আহত লোক সকলক ততাতৈয়াকৈ বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ(Fakhruddin ali ahmed medical college barpeta) লৈ যায় । সম্প্ৰতি বাইক আৰোহীজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :অসমলৈ অমিত শ্বাহ, উদ্বোধন কৰিব বড়োভূমিৰ প্ৰথমখন মেডিকেল কলেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.