ETV Bharat / state

কৰ’ণাত আক্ৰান্ত হৈ বৰপেটাত 4 জনৰ মৃত্যু

author img

By

Published : May 19, 2021, 10:48 PM IST

কৰ’ণাত আক্ৰান্ত হৈ বৰপেটাত 4 জনৰ মৃত্যু ৷ জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 52 গৰাকীলৈ বৃদ্ধি ৷ বৰপেটা জিলাত মুঠ ক'ভিড প'জিটীভ লোকৰ সংখ্যা 3773 গৰাকী ৷

4-patient-died-at-barpeta
কৰ’ণাত আক্ৰান্ত হৈ বৰপেটাত 4 জনৰ মৃত্যু

বৰপেটা, ১৯ মে : ৰাজ্যত সংহাৰী ৰূপ লৈছে মহামাৰী কৰ’ণা ভাইৰাছে ৷ অপ্ৰতিৰোধ্য ৰূপত বৃদ্ধি হৈছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ সমান্তৰালভাৱে বৰপেটা জিলাতো ভয়ংকৰ ৰূপ লৈছে ক’ভিড19 ৰ সংক্ৰমণে ৷

বুধবাৰৰ দিনটোত জিলাখনৰ 4 গৰাকী লোকৰ ক’ভিড-19 আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ ইয়াকে লৈ জিলাখনত কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 52 গৰাকীলৈ বৃদ্ধি পালে ৷

বুধবাৰৰ দিনটোত জিলাখনত নতুনকৈ 236 গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে 90 গৰাকী ক’ভিড আক্ৰান্ত ৰোগী আৰোগ্য লাভ কৰিছে ৷ এইপৰ্যন্ত বৰপেটা জিলাত মুঠ ক'ভিড পজিটিভ লোকৰ সংখ্যা 3773 গৰাকী ৷

উল্লেখ্য যে, জিলাখনৰ মুঠ ক’ভিড আক্ৰান্ত ৰোগীৰ 1505 গৰাকী ক’ভিড ৰোগী আৰোগ্য লাভ কৰিছে ৷ আনহাতে, 2208 গৰাকী ক’ভিড ৰোগী বৰ্তমানো চিকিৎসাধীন অৱস্থাত আছে ৷

লগতে পঢ়ক : ক’ভিড আক্ৰান্তৰ মৃত্যুক কেন্দ্ৰকৰি খুমটাইত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.