ETV Bharat / state

ঈশান উদয় ছাত্ৰ বৃত্তি কেলেংকাৰীৰে জড়িত ৩ জনক গ্ৰেপ্তাৰ - মিনহাজুল হক, ৰকিবুল খান এতিয়াও পলাতক

শিক্ষাৰ্থীৰ জলপানি কৌশলেৰে আত্মসাৎ কৰি অৱশেষত বৰপেটা আৰক্ষীৰ জালত পৰিল ৰূপচান্দ আলী, ছাহনুৰ আৰু ছহিদুল মীৰ । ঈশান উদয় ছাত্ৰ বৃত্তি(Ishan Uday Scholarship)ৰ জৰিয়তে শিক্ষাৰ্থীয়ে লাভ কৰিবলগীয়া ধন ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত উলিয়াই নিছিল এই লোককেইজনে ।

Isan Uday scholarship scam
বৰপেটাত ঈশান উদয় ছাত্ৰ বৃত্তি কেলেংকাৰীৰে জড়িত ৩ জনক গ্ৰেপ্তাৰ
author img

By

Published : Aug 3, 2021, 11:23 AM IST

বৰপেটা, ৩ আগষ্ট : বৰপেটা আৰক্ষীৰ জালত পৰিল ঈশান উদয় বৃত্তি কেলেংকাৰীৰ জড়িত ৩ জন লোক । উত্তৰ-পূৰ্ৱাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰদান কৰা ছাত্ৰ বৃত্তিৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰি আহিছিল ৰূপচান্দ আলী, ছাহনুৰ আৰু ছহিদুল মীৰ নামৰ লোককেইজনে । বৰপেটা আৰক্ষীয়ে প্ৰথমে ৰূপচান্দ আলী, ছাহনুৰ, ছহিদুল মীৰ ওৰফে টিপু, আচুৰ উদ্দিন, তাৰু আলি, চাদ্দাম শিকদাৰ, দানিছ খান, চম্পিয়াৰা খাতুন, হালিদা বেগম আৰু মহিৰুদ্দিনক সোধা-পোছা কৰে । পাছত ৭ জন অভিযুক্তক মুকলি কৰি দিয়ে আৰু আৰক্ষীয়ে ৰূপচান্দ আলী, ছাহনুৰ আৰু ছহিদুল মীৰক গ্ৰেপ্তাৰ কৰে ৷

Isan Uday scholarship scam
বৰপেটাত ঈশান উদয় ছাত্ৰ বৃত্তি কেলেংকাৰীৰে জড়িত ৩ জনক গ্ৰেপ্তাৰ

অভিযুক্তকেইজনৰ পৰা আৰক্ষীয়ে ১২ টা মোবাইল ফোন, দুটা প্ৰিন্টাৰ, এটা লেপটপ, ২৫ খন এ টি এম কাৰ্ড, ১৭ খন ডেবিট কাৰ্ড, ৫ টা বেলেগ বেলেগ বেংকৰ পাছবুক, চেকবুক, আৰু দুখন আধাৰ কাৰ্ডৰ লগতে বহুসংখ্যক ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু প্ৰমাণপত্ৰৰ প্ৰতিলিপি আৰু এটা স্বোৱাইপ মেচিন জব্দ কৰে ৷ হাজাৰ হাজাৰ ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত কোটি কোটি টকা উলিয়াই নিছিল এই চক্ৰটোৱে । আনহাতে, এই কেলেংকাৰীৰ মূল অভিযুক্ত বৰপেটাৰ দামালঝাৰ গাঁৱৰ মিনহাজুল হক আৰু শিলা গাঁৱৰ ৰকিবুল খান এতিয়াও পলাতক হৈ আছে ৷

ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ জৰিয়তে মেধাৰ ভিত্তিত স্নাতক পাঠ্যক্ৰম অধ্যয়ন কৰি থকা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক ঈশান উদয় বৃত্তি প্ৰদান কৰি আহিছে ।কিন্তু এতিয়া এই জলপানি প্ৰদানৰ নামত সংঘটিত হৈছে কেলেংকাৰী ৷

উক্ত চক্ৰটোৰে জড়িত বৰপেটাৰ এম চি কলেজৰ কৰ্মচাৰী ৰতন হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰতন হাজৰিকাৰ স্বীকাৰোক্তিৰ ভিত্তিত ১০ জন লোকক আটক কৰি আৰক্ষীয়ে জেৰা চলাইছিল । কেলেংকাৰীৰ সৈতে জড়িত চক্ৰটোক ৰতন হাজৰিকাই এম চি কলেজৰ OTP দিছিল ৷ ঈশান উদয় বৃত্তি কেলেংকাৰীক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বৰপেটাত এই কেলেংকাৰীৰ সৈতে জড়িত লোককেইজনক আৰক্ষীৰ জালত পৰা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.