বৰপেটা, 7 নৱেম্বৰ : কংগ্ৰেছৰ সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰতিবাদত শনিবাৰে বৰপেটা জিলা কংগ্ৰেছৰ ২২ গৰাকী নেতাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ বিগত বিধানসভা নিৰ্বাচনত বৰপেটা সমষ্টিত অ-মুছলমান প্ৰাৰ্থীক কংগ্ৰেছৰ দলীয় টিকট প্ৰদান কৰা নহ’ব বুলি বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে স্থিতি স্পষ্ট কৰিছিল ৷
সাংসদগৰাকীৰ এনে সাম্প্ৰদায়িক মনোবৃত্তিৰ বাবেই বৰপেটাৰ কেইবাগৰাকীকৈ কংগ্ৰেছ নেতাই দীৰ্ঘদিন ধৰি দলৰ পৰা আঁতৰি আছিল ৷ তেওঁলোকে আনকি বৰপেটা জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়টোও কেইবামাহ ধৰি তলা বন্ধ কৰি ৰাখিছিল ৷
ইয়াৰ পাছতেই শনিবাৰে বৰপেটা জিলা কংগ্ৰেছৰ ২২ গৰাকী নেতাই কংগ্ৰেছ দলত্যাগ কৰি বিজেপিত যোগদান কৰে ৷ ইপিনে কংগ্ৰেছ নেতাসকলৰ লগত তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী নেতা আৰু মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰয়েও বিজেপিত যোগদান কৰে ৷
লগতে পঢ়ক : ক'ভিড 19 ৰ বাবে বহুকেইটা গুৰুত্বপূর্ণ গোচৰৰ তদন্তত স্থবিৰতা