বৰপেটা/নলবাৰী,6 জুন: ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড 19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ কিন্তু হ্ৰাস পোৱা নাই মৃত্যু হোৱা লোকৰ সংখ্যা ৷ বৰপেটা জিলাত শনিবাৰৰ দিনটোত কৰ’ণাত আক্ৰান্তৰ হাৰ ১.৭৫ শতাংশ । কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হয় দুগৰাকী ৰোগীৰ ৷ জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি পালে ৷
বৰপেটাত শনিবাৰে ৯৮ জন কৰ’ণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ৷ অৱশ্যে জিলাখনত শনিবাৰে নতুনকৈ ১২৩ জন লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ বৰপেটা জিলাত মুঠ কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৬,২৯৪ জনলৈ বৃদ্ধি পাইছে ৷ ইপিনে শনিবাৰলৈকে বৰপেটাত মুঠ ৪,১৬৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷
শনিবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৯৮৪ গৰাকী ৷ শনিবাৰৰ দিনটোত জিলাখনত পৰীক্ষা কৰা ৭,০১৭ জন লোকৰ ভিতৰত ১২৩ লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷
নলবাৰীত শনিবাৰৰ দিনটোত 52 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি । জিলা স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, জিলাখনত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা 5,534 গৰাকী । শনিবাৰৰ দিনটোলৈকে জিলাখনত আক্ৰান্ত হৈ আছে 1,115 গৰাকী লোক ৷ ইফালে হোম আইচ’লেচনত বৰ্তমানেও জিলাখনত আছে 925 গৰাকী ক’ভিড ৰোগী ৷
জিলাখনৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 93 গৰাকী, বেলশৰ মডেল হাস্পতালত 19 গৰাকী, মাখিবাহা আদৰ্শ হাস্পতালত আছে 17 গৰাকী, মহাত্মা গান্ধী মডেল হাস্পতাল খাতিকুছিত 13 গৰাকী, সাৰথি হাস্পতালত 6 গৰাকী, আদাবাৰী মডেল হাস্পতালত 5 ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে । ইয়াৰ উপৰিও GMCH, MMCH আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ 37 গৰাকী ৰোগী উন্নত চিকিৎসাৰ বাৱে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ৷
আনহাতে, শনিবাৰৰ দিনটোত জিলাখনত কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰিছে 80 গৰাকী ব্যক্তিয়ে । ইফালে জিলাখনৰ কেইবাখনো চিকিৎসালয় আৰু ক’ভিড পৰীক্ষা কেন্দ্ৰত ৰেপিড টেষ্ট(Rapid test) সম্পন্ন কৰে 1,585 টা আৰু 45 টা আৰটিপিচিআৰ(RTPCR) টেষ্ট কৰা হৈছে ।