বৰপেটাৰোড, 14 নৱেম্বৰ: সমাগত বিটিচি নিৰ্বাচনত ইউ পি পি এলৰ প্ৰতি সমৰ্থন থকাৰ কথা মুকলিকৈ ঘোষণা কৰিলে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ বিটিচি নিৰ্বাচনক লৈ নিৰ্বাচনী বতাহ গৰম হ'বলৈ ধৰাৰ সময়তে এবছুৰ নেতৃত্বত ১৬ টাকৈ সংগঠনে পৰিৱৰ্তন বিচাৰি একত্ৰিত হোৱাৰ কথা ঘোষণা কৰে ৷ শুকুৰবাৰে বৰপেটাৰোড প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত এবছুৰ সভাপতি দ্বীপেন বড়োৱে এই কথা ঘোষণা কৰে ৷ বড়োৱে কয় যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰখনৰ দিনত যি অবাধ দুৰ্নীতি আৰু অপশাসন চলিছে তাৰ বাবে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে ৷ সু- শাসন আৰু উন্নয়নৰ স্বাৰ্থতে এইবাৰ ৰাইজে বিপিএফক নস্যাৎ কৰিবলৈ ওলাই আহিছে ৷
উক্ত মঞ্চৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কত বড়োয়ে জানিবলৈ দিয়ে যে সভাই এই সম্পৰ্কত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ তাৰ ভিতৰৰ কেইটামান প্ৰস্তাৱ হৈছে- কো- অৰ্ডিনেচন কমিটি অফ বিটিআৰ অৰ্গেনাইজেছন নামৰ এখনি সমিতি গঠন কৰা, বিটিআৰৰ সামগ্ৰীক উন্নয়নৰ বাবে উমৈহতীয়া ভাৱে কাম কৰা, বিটিআৰত বসবাস কৰা সকলোৰে ভূমিৰ অধিকাৰ নিশ্চিত কৰা, আৰ্থ সামাজিক তথা শিক্ষাৰ উন্নয়নৰ বাবে কাম কৰা, অসামাজিক কাম ৰোধ কৰা, নিবনুৱা সমস্যা সমাধানৰ বাবে কাম কৰা আদি ৷
লগতে পঢ়ক: গোসাইগাঁৱত বিপিএফৰ নিৰ্বাচনী সভাৰ আয়োজন