ETV Bharat / state

বিগত ২৪ ঘণ্টাত বৰপেটাত ১১২গৰাকী লোক কৰ’ণাত আক্ৰান্ত

১ মে’ লৈকে বৰপেটা জিলাত ক'ভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি হৈ হৈছেগৈ ১১১৩ গৰকী ৷ বিগত ১ মাৰ্চৰ পৰা ১ মে’ লৈকে বৰপেটা জিলাত ক'ভিড পজিটিভ ৰোগীৰ সংখ্যা হৈছে মুঠ ১১১৩ গৰাকী ৷ ২৪ ঘণ্টাত জিলাখনত নতুনকৈ ১১২ গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণাত ৷

বৰপেটাত বৃদ্ধি কৰ’ণা ৰোগী
বৰপেটাত বৃদ্ধি কৰ’ণা ৰোগী
author img

By

Published : May 2, 2021, 7:01 AM IST

বৰপেটা, 2 মে’: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে মহামাৰী কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ বৰপেটা জিলাতো প্ৰতি মূহুৰ্তত বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যাৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি, ১ মে’ লৈকে বৰপেটা জিলাত ক'ভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি হৈ হৈছে গৈ ১১১৩ গৰকী ৷ বিগত ১ মাৰ্চৰ পৰা ১ মে’ লৈকে বৰপেটা জিলাত ক'ভিড পজিটিভ ৰোগীৰ সংখ্যা হৈছে মুঠ ১১১৩ গৰাকী ৷ ২৪ ঘণ্টাত জিলাখনত নতুনকৈ ১১২ গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণাত ৷

আনহাতে, শনিবাৰৰ দিনটোত বৰপেটা চহৰৰ এগৰাকী ক'ভিড আক্ৰান্ত লোকৰ মৃত্যু হয় ৷ মৃত লোক জন বৰপেটা চহৰৰ 2 নং গলিয়া হাটীৰ বাসিন্দা ৷ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি গৰাকী 25 এপ্ৰিলৰ পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক'ভিড ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল ৷

উল্লেখ্য যে, শনিবাৰৰ দিনটোলৈকে জিলাখনত ১০ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে ১৯৬ গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷

লগতে পঢ়ক: ধুবুৰীত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.