ETV Bharat / state

দশম স্থানপ্ৰাপ্ত পূজাক সম্বৰ্ধনা ৰাম মন্দিৰ সমিতিৰ - স্থানপ্ৰাপ্তক সম্বৰ্ধনা

বৰপেটাৰ ৰাম মন্দিৰৰ পূজাৰী উত্তম বেনাৰ্জীৰ কন্যাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা ৷ গৌৰৱান্বিত অঞ্চলবাসীৰ লগতে মন্দিৰ পৰিচালনা সমিতি ৷

10th rank holder puja banerjee
বহৰি অঞ্চললৈ গৌৰৱ কঢ়িয়ালে পূজাই
author img

By

Published : Jun 7, 2020, 5:39 PM IST

বৰপেটা, 7 জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটা জিলাৰ বহৰিৰ ৰাম মন্দিৰৰ এগৰাকী পূজাৰী উত্তম বেনাৰ্জীৰ কন্যা পূজা বেনাৰ্জীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভেৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৰাজ্যবাসীৰ ৷ পূজাৰী গৰাকীৰ কন্যাৰ এই সফলতাক লৈ এতিয়া সকলো উৎফুল্লিত ৷

বহৰি অঞ্চললৈ গৌৰৱ কঢ়িয়ালে পূজাই

বহৰি ৰাম মন্দিৰৰ পূজাৰী হিচাপে পোৱা সামান্য মাননীৰে পৰিয়াল চলোৱা উত্তম বেনাৰ্জীৰ কন্যা পূজাৰ এই সাফল্যই আজি গৌৰৱান্বিত কৰি তুলিছে ৰাম মন্দিৰ পৰিচালনাৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিক ৷ পূজাৰ সাফল্যক লৈ গৌৰৱান্বিত ৰাম মন্দিৰ পৰিচালনা সমিতিয়ে দেওবাৰে পূজাক সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা জনায় পূজাৰ পিতৃ আৰু মাতৃকো ৷ সম্বৰ্ধনা গ্ৰহন কৰি পুৰুষোত্তম ৰামৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জীৱনত আগবাঢ়়ি যোৱাৰ বাবে প্ৰভূ ৰামৰ পৰা আশীৰ্বাদ কামনা কৰে ছাত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ দৰিদ্ৰতাক নেওচি উজলি উঠিল নলবাৰীৰ দেৱাশীষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.