ETV Bharat / state

ভাস্কৰজ্যোতি মহন্তৰ ফটো ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক

author img

By

Published : Apr 26, 2021, 9:16 PM IST

এটা ৱাটচএপ গ্ৰুপৰ ডিপিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ফটো ব্যৱহাৰ কৰি ভাইৰেল কৰা হ'ল আপত্তিজনক ভিডিঅ' ৷ ইয়াৰ পাচতে ৰঙা ঘৰৰ আলহী হ'ল গ্ৰুপটোৰ এডমিন পংকজ গয়াৰী ৷

ভাস্কৰজ্যোতি মহন্তৰ ফটো ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল এজন যুৱক

বাক্সা, ২৬ এপ্ৰিল : ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ফটো ব্যৱহাৰ কৰি ৰঙাঘৰত সোমাল এজন যুৱক ৷ নিজৰ ৱাটচএপ গ্ৰুপৰ ডিপিত যুৱকজনে ব্যৱহাৰ কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ফটো ৷ এই অপৰাধত তথ্য প্ৰযুক্তি আইনৰ অধীনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷ যুৱকজনৰ নাম পংকজ গয়াৰী ৷

বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণকুছিত ঘৰ পংকজ গয়াৰীৰ ৷ জানিব পৰা মতে নিকাছী জ্ঞানপীঠ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ পংকজে নিজৰ বড়ো গৌদান ভাইৰেল ভিডিঅ’ নামৰ ৱাটচএপ গ্ৰুপ এটাৰ ডিপিত ব্যৱহাৰ কৰিছিল ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ফটো ৷ সেই গ্ৰুপটোৰ জড়িয়তে বিভিন্ন লোকলৈ শ্বেয়াৰ কৰিছিল বহু আপত্তিজনক ভিডিঅ' ৷

পাচত সেই বিষয়ত বাক্সা আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়াকৈ তথ্য প্ৰযুক্তি আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷ বৰবৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ তালুকদাৰে জানিবলৈ দিয়া মতে ধৃত যুৱকজনে বহুদিন ধৰি আৰক্ষী সঞ্চালক প্ৰধানৰ ফটো ব্যৱহাৰ কৰি আহিছিল ৷ পিছত আৰক্ষীয়ে বিষয়টো তদন্ত কৰি যুৱকজনক ভাৰতীয় দণ্ডবিধি আইনৰ 120 B/500/294 IPC R /WSEC 66D/67A/67B INTACT/2008 ধাৰাৰ অধীনত 42/2021 নম্বৰত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: জীৱন মৰাণৰ প্ৰত্যাৱৰ্তন : প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.