ETV Bharat / state

Child Trafficking in Baksa : বিটিআৰৰ পাঁচ জিলাত উদ্বেগজনকভাৱে বৃদ্ধি শিশু সৰবৰাহ

author img

By

Published : Aug 1, 2022, 6:16 PM IST

২০১৯ বৰ্ষৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত বিভিন্ন কাম দিয়াৰ প্ৰলোভনেৰে দেশৰ বিভিন্ন স্থানলৈ ২১৯ গৰাকী শিশু মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে (219 child rescued from human trafficking amongst country) । আনহাতে, কেৱল চিৰাং জিলাৰে ৮২গৰাকী শিশু গেংটকৰ পৰা উদ্ধাৰ কৰা হৈছে ।

BTR
বিটিআৰৰ পাঁচ জিলাত উদ্বেগজনকভাৱে বৃদ্ধি শিশু সৰবৰাহ

বাক্সা, ১ আগষ্ট : ৰাজ্য তথা বিটিআৰত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শিশু সৰবৰাহ (Child trafficking rises in Assam as well as BTR) । বিটিআৰৰ চিৰাং জিলাৰ পৰায়ে বিগত বৰ্ষত আশীজনৰো অধিক শিশু উদ্ধাৰ হৈছে গেংটকত ৷ এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে (National Commission for Child Protection) ।

সোমবাৰে বাক্সাৰ মুছলপুৰস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ উদ্যোগত আৰু ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ সহযোগত শিশু সুৰক্ষা শীৰ্ষক এক কৰ্মশালাত (workshop on child protection at DC office Baksa) অংশগ্ৰহণ কৰি সাংবাদিকৰ ওচৰত এইদৰে উদ্বিগ্নতা প্ৰকাশ কৰে ৰাষ্ট্ৰীয শিশু সুৰক্ষা সংস্থাৰ জ্যেষ্ঠ কাৰিকৰী বিশেষজ্ঞ শৈষ্ঠ কে শ্বাহে (Senior technical expert of National Child Protection Agency) । বিশেষজ্ঞগৰাকীয়ে কয় যে বিটিআৰৰ বাক্সা, চিৰাং জিলাকে ধৰি বিভিন্ন জিলাত শিশু সৰবৰাহ আৰু মানৱ সৰবৰাহ যথেষ্ট বৃদ্ধি পাইছে (Child trafficking and human trafficking increased considerably) ।

ইয়াক প্ৰতিৰোধ কৰাৰ বাবে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সজাগতামূলক কাৰ্যসূচী হাতত লৈছে (Awareness programmes against child trafficking) । আনহাতে, ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ সদস্য ফণীন্দ্ৰ বুজৰবৰুৱাই (State Child Protection Commission member Fanindra Bujrbarua) অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে ২০১৯ বৰ্ষৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত বিভিন্ন কাম দিয়াৰ প্ৰলোভনেৰে দেশৰ বিভিন্ন স্থানলৈ ২১৯ গৰাকী শিশু মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে ।

আনহাতে, কেৱল চিৰাং জিলাৰে ৮২গৰাকী শিশু গেংটকৰ পৰা উদ্ধাৰ কৰা হৈছে । এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শিশু সুৰক্ষা আয়োগে সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে (Measures for awareness to Child Protection) আৰু আজি ইয়াৰ অংশৰূপে জিলা শিশু সুৰক্ষা সমিতি, জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ বিষয়ববীয়াসকলক লৈ এই কৰ্মশালা অনুষ্ঠিত কৰা বুলি তেখেতে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Vineet committed suicide case: দীৰ্ঘ বিৰতিৰ মূৰত অভিযুক্ত সঞ্জয় শৰ্মাৰ আত্মসমৰ্পণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.