ETV Bharat / state

গোৰেশ্বৰত প্ৰবঞ্চকে লুটিলে 35 হাজাৰ টকা

গোৰেশ্বৰৰ ভাৰতীয় ষ্টেট বেংকৰ ATM ত প্ৰবঞ্চকৰ দৌৰাত্ম । প্ৰবঞ্চনাৰে সৰকালে 35 হাজাৰ টকা (Woman in the grip of fraudster at Goreswar SBI) ৷ বিমোৰত এতিয়া ভুক্তভোগী পৰিয়ালটো ৷

Woman in the grip of fraudster at Goreswar SBI
গোৰেশ্বৰত প্ৰবঞ্চকে লুটিলে 35 হাজাৰ টকা
author img

By

Published : Jun 28, 2022, 10:09 PM IST

তামুলপুৰ, 28 জুন : গোৰেশ্বৰ ষ্টেট বেংকত প্ৰবঞ্চকৰ কবলত এগৰাকী মহিলা । প্ৰবঞ্চনাৰে প্ৰবঞ্চকে ATM ৰ পৰা উলিয়াই নিলে কেবাহাজাৰ টকা (Woman in the grip of fraudster at Goreswar SBI)। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য ৷

জানিব পৰা মতে, গোৰেশ্বৰৰ ষ্টেট বেংকৰ চাৰিসীমাৰ ভিতৰত থকা ATM টোত মঙলবাৰে পুৱা নিজৰ নামত থকা ATM কাৰ্ডৰ নতুন পিন বনাবলৈ আহিছিল এগৰাকী মহিলা ৷ মহিলাগৰাকীয়ে নিজে পিন কোড বনাব নোৱাৰি লগৰ বন্ধু এজনৰ সহায় বিচৰিছিল । কিন্তু বহু চেষ্টা কৰি বন্ধুগৰাকীয়েও নতুন পিন কোড বনাব নোৱাৰিলে । এই সকলো দৃশ্য প্ৰত্যক্ষ কৰি আছিল সেই স্থানত থকা এজন প্ৰবঞ্চকে ৷

গোৰেশ্বৰত প্ৰবঞ্চকে লুটিলে 35 হাজাৰ টকা

সময়ৰ সুযোগ লৈ মহিলাগৰাকীৰ কাষত উপস্থিত হয় প্ৰবঞ্চকটো ৷ তাৰ পিছত ATM কাৰ্ডৰ নতুন পিন বনাই দিম বুলি কৈ অতি কৌশলেৰে ATM কাৰ্ডখন সাল-সলনি ঘটাই সেই স্থানৰ পৰা উধাও হয় ৷ কিন্তু কিছু সময় পিছতে ওৰহী গছত ওৰ ওলাই পৰে ।

মহিলা গৰাকীৰ একাউণ্টৰ পৰা 35 হাজাৰ টকা উলিওৱা বুলি ম’বাইলত মেছেজ আহে, তেতিয়াহে সকলো হতবাক হৈ পৰে । তাৰ পাচতে লগে লগে ঘটনা সন্দৰ্ভত গোৰেশ্বৰ ষ্টেট বেংকৰ শাখা প্ৰবন্ধকক অৱগত কৰে আৰু ATM খন ব্লক কৰি দিয়ে ৷ কষ্টৰ ধন হেৰুওৱাৰ ফলত শোকত ভাগি পৰিছে এতিয়া ভুক্তভোগী পৰিয়ালটো ৷

ইতিমধ্যে এই সংক্ৰান্তত গোৰেশ্বৰ থানাত ভুক্তভোগী পৰিয়ালটোৱে দাখিল কৰিছে এক এজাহাৰ ৷ অৱশ্যে আৰক্ষীয়ে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : Dog killed newborn baby: চিকিৎসালয়ৰ ভিতৰৰ পৰাই কুকুৰে লৈ গ’ল নৱজাতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.