ETV Bharat / state

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত যুৱকৰ মৃত্যু

author img

By

Published : Nov 4, 2020, 8:47 AM IST

কুমাৰীকাটাৰ চেচাপানীৰ কুমাৰপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত যুৱক নিহত । নিহত যুৱক গৰাকী কুমাৰপাৰা নিবাসী দিলীপ বড়োৰ পুত্ৰ ইঙ্কেশ্বৰ ব্ৰহ্ম (19) ৷ অঞ্চলটোত প্ৰতিদিনে বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷

বনৰীয়া হাতীৰ আক্ৰমণত যুৱকৰ মৃত্যু
বনৰীয়া হাতীৰ আক্ৰমণত যুৱকৰ মৃত্যু

বাক্সা,4 নৱেম্বৰ: বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত মৃত্যুক সাৱটিলে বাক্সাৰ এজন 19 বছৰীয়া যুৱকে ৷ নিশাৰ ভাগত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ চেচাপানী কুমাৰপাৰা গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত যুৱক গৰাকী নিহত হয় ।

নিহত যুৱক গৰাকী কুমাৰপাৰা নিবাসী দিলীপ বড়োৰ পুত্ৰ ইঙ্কেশ্বৰ ব্ৰহ্ম (19) বুলি জানিব পৰা গৈছে । জানিব পৰা মতে অঞ্চলটোত প্ৰতিদিনে বনৰীয়া হাতীয়ে মুক্ত ভাৱে বিচৰণ কৰি আহিছে যদিও বনবিভাগে নিৰাপদ দূৰত্বত অৱস্থান কৰিব লগীয়া হৈছে ৷ খাদ্যৰ অভাৱতেই বনৰীয়া হাতীৰ বৃহৎ জাকটোৱে প্ৰতিদিনে অঞ্চলটোত প্ৰৱেশ কৰে বুলি জানিব পৰা গৈছে । নিহত যুৱক গৰাকীৰ শৰীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা গৈছে ।

লগতে পঢ়ক: চোকা অস্ত্ৰৰে ঘপিয়াই মাতৃক হত্যা কৰিলে পুত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.