ETV Bharat / state

Illicit love affair: মুছলপুৰত প্ৰেমিকেৰে লগ লাগি পত্নীয়ে হত্যা কৰিলে স্বামীক - wife killed husband

31 ডিচেম্বৰৰ নিশা মুছলপুৰত পত্নীয়ে স্বামীক হত্যা কৰা ঘটনাৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ অবৈধ প্ৰেমৰ বাবেই পত্নীয়ে প্ৰেমিকৰ সৈতে লগ লাগি হাতুৰীৰে কোবাই কোবাই হত্য়া কৰিছিল স্বামী হৃদয় বৈশ্যক (Illicit love affair) ৷ সম্প্ৰতি আৰক্ষীৰ জালত মহিলাগৰাকীৰ প্ৰেমিক সুব্ৰত লহকৰ ৷

Illicit love affair
প্ৰেমিকেৰে লগ লাগি পত্নীয়ে হত্যা কৰিলে স্বামীক
author img

By

Published : Jan 2, 2023, 10:17 PM IST

Updated : Jan 3, 2023, 7:58 AM IST

প্ৰেমিকেৰে লগ লাগি পত্নীয়ে হত্যা কৰিলে স্বামীক

বাক্সা, 2 জানুৱাৰী: বাক্সা জিলাৰ মুছলপুৰত পত্নীয়ে স্বামীক হত্যা কৰা ঘটনাই লৈছে নতুন মোৰ (Wife Killed husband at Mushalpur) ৷ পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ডটো (Sensation Mureder at Mushalpur) ৷ প্ৰেমিকৰ সৈতে লগ হৈ পত্নীয়ে হত্যা কৰিছিল স্বামীক ৷ আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য ৷

উল্লেখ্য যে, 31 ডিচেম্বৰৰ নিশা শুই থকা অৱস্থাতে ব্যৱসায়ী স্বামী হৃদয় বৈশ্যক হাতুৰীৰে কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰিছিল পত্নী কৰবী বৈশ্যই ৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই মুছলপুৰ থানাত(Mushalpur Police station) আত্মসমৰ্পণ কৰিছিল হত্যাকাৰী পত্নী কৰবী বৈশ্যই ৷ যি ঘটনাই সমগ্ৰ বাক্সা জিলাখনতে সৃষ্টি কৰিছিল চাঞ্চল্যৰ ৷

কৰবী বৈশ্যই নিজেই স্বামীক হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল যদিও আৰক্ষীৰ জেৰাত উন্মোচন হৈছে চাঞ্চল্যকৰ তথ্য ৷ অকলে নহয়, প্ৰেমিক সুব্ৰত লহকৰৰ সৈতে লগ লাগি কৰবী বৈশ্যই হত্যা কৰিছিল স্বামীক (Mushalpur murder case) ৷

তথ্য অনুসৰি, বিগত দুবছৰ ধৰি বজালীৰ বাঘমাৰাৰ ‘স্কাই ক্লিনিক ডায়গনেষ্টিক চেন্টাৰ’ৰ স্বত্বাধিকাৰী সুব্ৰত লহকৰৰ সৈতে কৰবী বৈশ্যৰ আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক (Illicit love affair) ৷ দুয়োৰে মাজত থকা এই পৰকীয়া প্ৰেমত বাধা হিচাপে থিয় দিছিল স্বামী হৃদয় বৈশ্য ৷

এই বাধা আঁতৰোৱাৰ বাবেই প্ৰেমিক সুব্ৰত লহকৰৰ সৈতে লগ হৈ কৰবী বৈশ্যই ৰচিছিল স্বামীক হত্যাৰ পৰিকল্পনা আৰু অৱশেষত 31 ডিচেম্বৰৰ নিশা শুই থকা অৱস্থাত হাতুৰীৰে কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰিছিল হৃদয় বৈশ্যক ৷ এই তথ্য পোহৰলৈ অহাৰ পিছতেই আৰক্ষীয়ে আটক কৰিছে কৰবী বৈশ্যৰ অবৈধ প্ৰেমিক সুব্ৰত লহকৰক ৷

সুব্ৰত বৈশ্যক গ্ৰেপ্তাৰ কৰি মুছলপুৰ আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে তদন্ত ৷ আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব ঘটনাৰ আঁৰত থকা আন বহুতো ৰহস্য ৷

উল্লেখ্য যে, ৰাজ্যত ব্যাপক হাৰত সংঘটিত হৈছে অপৰাধজনীত ঘটনা(Crime Rate in Assam) ৷ শেহতীয়াকৈ NCBৰ(National Crime Record Bureau) প্ৰতিবেদনত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য ৷ ৰাজ্যত সংঘটিত হোৱা গাৰ্হস্থ্য হিংসাই ঘটনাই দেশৰ ভিতৰতে সৃষ্টি কৰিছে অভিলেখ ৷ ইফালে, অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহনগৰী ৷ যি কথা স্বীকাৰ কৰিছে খোদ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskar Jyoti Mahanta) ৷

লগতে পঢ়ক: Lovers committed suicide: প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্য়াৰ ঘটনাক লৈ ধুবুৰীত তীব্ৰ চাঞ্চল্য

Last Updated : Jan 3, 2023, 7:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.