ETV Bharat / state

বাক্সা আৰক্ষীয়ে সম্বৰ্ধনা জনালে ঝাৰখণ্ড আৰক্ষীক

author img

By

Published : Apr 8, 2021, 4:50 PM IST

তৃতীয় পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনৰ দায়িত্ব পালনৰ বাবে ঝাৰখণ্ডৰ পৰা আহিছিল আৰ্ম পুলিচৰ চাৰিটা বেটেলিয়ন ৷ দায়িত্ব সুচাৰুৰূপে সম্পাদন কৰি বুধবাৰে বেটেলিয়নৰ দলটো উভতি যায় নিজ ৰাজ্যলৈ ৷ তাৰ পূৰ্বে গোৱৰ্ধনা আৰক্ষী থানাৰ আৰক্ষী বিষয়া সাহিদুৰ ৰহমানৰ নেতৃত্বত ঝাৰখণ্ডৰ পৰা আহি নিৰ্বাচনী দায়িত্ব পালন কৰা আৰ্ম পুলিচৰ দলটোক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

বাক্সা আৰক্ষীয়ে সম্বৰ্ধনা জনালে ঝাৰখণ্ড আৰক্ষীক
বাক্সা আৰক্ষীয়ে সম্বৰ্ধনা জনালে ঝাৰখণ্ড আৰক্ষীক

বাক্সা, ৮ এপ্রিল: বাক্সা আৰক্ষীৰ এক প্ৰশংসনীয় পদক্ষেপ ৷ নিৰ্বাচনৰ দায়িত্ব পালন কৰা বহি: ৰাজ্যৰ আৰক্ষীক বাক্সা আৰক্ষীয়ে জনালে সম্বৰ্ধনা ৷ জিলাখনৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্ধনা আৰক্ষীয়ে ল'লে এই পদক্ষেপ ৷

উল্লেখ্য যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনৰ দায়িত্ব পালনৰ বাবে ঝাৰখণ্ডৰ পৰা আহিছিল আৰ্ম পুলিচৰ চাৰিটা বেটেলিয়ন ৷ দায়িত্ব সুচাৰুৰূপে সম্পাদন কৰি বুধবাৰে বেটেলিয়নৰ দলটো উভতি যায় নিজ ৰাজ্যলৈ ৷ তাৰ পূৰ্বে গোৱৰ্ধনা আৰক্ষী থানাৰ আৰক্ষী বিষয়া সাহিদুৰ ৰহমানৰ নেতৃত্বত ঝাৰখণ্ডৰ পৰা আহি নিৰ্বাচনী দায়িত্ব পালন কৰা আৰ্ম পুলিচৰ দলটোক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

অসমীয়া গামোচা ডিঙিত লৈ আনন্দত মতলীয়া হৈ পৰে আৰ্ম পুলিচৰ জোৱানসকল ৷ বাক্সাৰ গোৱৰ্ধনা আৰক্ষী বিষয়া সাহিদুৰ ৰহমানৰ লগতে জিলাখনৰ আৰক্ষী অধীক্ষকক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ঝাৰখণ্ডৰ আৰক্ষীসকলে ৷ নিৰ্বাচনী দায়িত্ব পালন কৰি থকা সময়ত সকলো ধৰণৰ সা-সুবিধা লাভ কৰি মনত শান্তি পোৱা বুলি উল্লেখ কৰে আৰ্ম পুলিচৰ কমাণ্ডাৰ এজাজ খানে ৷

সম্বৰ্ধনা অনুষ্ঠানত গোৱৰ্ধনা আৰক্ষী থানাৰ বিষয়া সাহিদুৰ ৰহমানক সংগ দিয়ে গোৱৰ্ধনা আৰক্ষী দিপুল শৰ্মা, মানিক খেৰকটাৰী, আৰু নৱজিত বসুমতাৰীয়ে ৷

লগতে পঢ়ক:ভিচিডিচিৰ অধ্যক্ষ বিকেন বড়োৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.