ETV Bharat / state

বাক্সাৰ ভাৰত ভূটান সীমান্তত নিজৰাৰ লেতেৰা পানী খায় ৰাইজে!!

নিজৰাৰ ঘোলা পানী খায়ে জীৱন নিৰ্বাহ পানবাৰী ঝাৰগাঁৱবাসীৰ। স্থানীয় বিধায়ক থানেশ্বৰ বসুমতাৰীক অৱগত কৰাৰ পিচতো আজিলৈকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ।

author img

By

Published : Jun 15, 2019, 12:24 PM IST

Updated : Jun 18, 2019, 10:57 AM IST

বাক্সাৰ ভাৰত ভূটান সীমান্তত নাই এটুপি বিশুদ্ধ খোৱাপানী !

চপাগুৰি,১৫ জুন : চৰকাৰৰ কোনো এখন উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা বাক্সাৰ এখন বৃহত্তৰ অঞ্চল। বাক্সা জিলাৰ ছাপাগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত পানবাৰী ঝাৰগাঁৱত,ৰাইজে আজিও আদিম মানৱৰ দৰে নিৰ্বাহ কৰি আহিছে জীৱন। স্বাধীনতাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিচতো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এই গাঁওখনক।

গাঁওবাসীয়ে জনোৱা অনুসৰি,এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত তেওঁলোকে সংগ্ৰহ কৰে নিজৰাৰ বৈ অহা লেতেৰা পানী। বাৰিষা কালত তেওঁলোকে নিজৰাৰ লেতেৰা পানী সংগ্ৰহ কৰি ফিল্টাৰ কৰি ব্যৱহাৰ কৰাৰ বিপৰীতে খৰালি কালত দুই তিনি কিলোমিটাৰ দূৰত্বৰ পৰা সংগ্ৰহ কৰে খোৱাপানী। ইপিনে বাৰিষা কালত এনে লেতেৰা পানী ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সময়ত অঞ্চলটোৰ লোকসকল বিভিন্ন বেমাৰত ভুগিবলগীয়া হয় বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে। তদুপৰি গাঁৱখনলৈ যোৱাৰ বাবে কোনো সূচল পথ নথকাত সময়ে সময়ে চিকিৎসালয়লৈ নিব নোৱাৰাৰ বাবে বহু লোকে মৃত্যুকো সাৱটি লৈছে। গাঁওবাসীৰ অভিযোগ অনুসৰি,এই সন্দৰ্ভত তেওঁলোকে স্থানীয় বিধায়ক থানেশ্বৰ বসুমতাৰীক অৱগত কৰাৰ পিচতো আজিলৈকে কোনো গুৰুত্ব দিয়া নাই। উল্লেখ্য যে যিসময়ত ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানী যোগানৰ নামত বছৰি কোটি কোটি টকা খৰচ কৰি আহিছে তেনে সময়তে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত বসবাস কৰা ৰাইজে নিজৰা লেতেৰা পানী খাইয়ে জীৱন নিৰ্বাহ কৰি আহিছে ৷

Intro:যিসময়ত ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানী যোগানৰ নামত বছৰি কোটি কোটি টকা খৰচ কৰি আহিছে তেনে সময়তে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত বসবাস কৰা ৰাইজে নিজৰা লেতেৰা পানী খাইয়ে জীৱন নিৰ্বাহ কৰি আহিছে ৷ চৰকাৰৰ কোনো এখন উন্নয়নমুলক আঁচনিয়ে ঢুকি পোৱা নাই বৃহত্তৰ অঞ্চলটোৰ ৰাইজক ৷Body:বাক্সা জিলাৰ ছাপাগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটোৰ ৰাইজে আজিও আদিম মানৱৰ দৰে নিৰ্বাহ কৰি আহিছে জীৱন ৷ এই দৃশ্য পানবাৰী ঝাৰগাঁৱৰ ৷ স্বাধীনতাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিচতো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই গাঁৱখনক ৷ এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত গাঁৱলোকসকলে এনেদৰে নিজৰাৰ বৈ অহা লেতেৰা পানী সংগ্ৰহ কৰিছে ৷ বাৰিষা নিজৰাৰ লেতেৰা পানী সংগ্ৰহ কৰি ফিল্টাৰ কৰি ব্যৱহাৰ কৰাৰ বিপৰিতে খৰালি দুই তিনি কিলোমিটাৰ দূৰত্বৰ পৰা সংগ্ৰহ কৰে খোৱাপানী টুপি ৷ বাৰিষা এনে লেতেৰা পানী ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সময়ত অঞ্চলটোৰ লোকসকল বিভিন্ন বেমাৰত ভুগিবলগীয়া হয় ৷ গাঁৱখনলৈ যোৱাৰ বাবে কোনো সুচল পথ নথকাত সময়ে সময়ে চিকিৎসালয়লৈ নিব নোৱাৰাৰ বাবে মৃত্যুকো সাৱটি লৈছে ৷ ইতিমধ্যে এই সন্দৰ্ভত স্থানীয় বিধায়ক থানেশ্বৰ বসুমতাৰীক অৱগত কৰাৰ পিচতো আজিলৈকে কোনো গুৰুত্ব দিয়া নাই ৷ যাৰবাবে নিজৰাৰ লেতেৰা পানী খাইয়ে জীৱন নিৰ্বাহ কৰি আহিছে পানবাৰী ঝাৰগাঁৱৰ ৰাইজে ৷ Conclusion:বাইট,,,,,স্থানীয় ব্যক্তি ৷
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
Last Updated : Jun 18, 2019, 10:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.