বাক্সা, 28 আগষ্ট: বিটিচি নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ ভিন্ন স্থানত অব্যাহত আছে ভিন্ন হিংসাত্মক ঘটনাৰ ধাৰাবাহিকতা ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকৰ লগতে বিটিচিৰ ভিন্ন ৰজনৈতিক দলৰ নেতা,কৰ্মকৰ্তা সকলে ৷ ইয়াৰ মাজতেই শুকুৰবাৰেও ২৪ নং মুছলপুৰ সমষ্টিৰ অন্তৰ্গত শিলাকুটি প্ৰাইমাৰীৰ ভাওৰাবাৰীতো সংঘটিত হয় তেনে এক ঘটনা ৷ অভিযোগ অনুসৰি বি পি এফ আৰু ইউ পি পি এল দলৰ মাজত সংঘটিত হয় হিংসাত্মক ঘটনা ৷ ভাওৰাবাৰীত শুকুৰবাৰে ইউ পি পি এল দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই অংশগ্ৰহণ কৰিছিল এখন নিৰ্বাচনী প্ৰচাৰ সভাত ৷ সেই সময়তে হাতত লাঠী আদি লৈ কেইজনমান যুৱকে ইউ পি পি এল গ' বেক, ৰাকেশ ব্ৰহ্ম গো বেক, বি পি এফ জিন্দাবাদ আদি ধ্বনি প্ৰদান কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷
সেই সময়তে স্থানীয় ৰাইজে যুৱককেইজনক প্ৰহাৰ কৰে আৰু উপায়বিহীন হৈ যুৱক কেইজনে পথাৰৰ মাজে মাজে দৌৰি পলায়ন কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয় যদিও, আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ সভা চলি থকা সময়তে উদ্ভাণ্ডালি কৰিবলৈ অহা যুৱক কেইজন বি পি এফ দলৰ বুলি সংবাদ মাধ্যমযোগে সদৰি কৰে, ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ সভাপতি বাপন বসুমতাৰীয়ে ৷ মুছলপুৰ সমষ্টিত ইউ পি পি এল দলৰ উত্থানত শংকিত হৈ বি পি এফৰ একাংশ যুৱকে এনেদৰে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ কিন্তু বি পি এফৰ এনে উদ্ভণ্ডালি সহ্য কৰা নহ'ব, অতি শীঘ্ৰেই আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক বুলিও দাবী জনায় তেওঁ ৷
লগতে পঢ়ক: বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়াৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ আহ্বান পত্নীৰ