ETV Bharat / state

বাক্সাৰ শিমলাবাৰীৰ ভূমি বিবাদৰ ঘটনাঃ গাঁওবাসীৰ সংবাদমেল

যোৱা ৬ আগষ্টত দুটা ফৈদৰ মাজত সংঘটিত ঘটনাক লৈ সোমবাৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত বাক্সাৰ 1 নং শিমলাবাৰী গাঁওবাসীৰ ৷ বাগানপাৰা শিমলাবাৰী গাঁৱত সংঘটিত ঘটনাৰ সৈতে কোনো ৰাজনৈতিক দল জড়িত নহয় বুলি প্ৰাক্তন পথাৰ পৰিচালনা সমিতিৰ সম্পাদক বিপুল কুমাৰ বড়োৱে সদৰি কৰে ৷

Villagers press meet in Baksa
বাক্সাৰ শিমলাবাৰীৰ ভূমিৰ ঘটনা সন্দৰ্ভত গাঁওবাসীৰ সংবাদমেল
author img

By

Published : Aug 10, 2020, 3:18 PM IST

বৰমা, 10 আগষ্ট: বাক্সা জিলাৰ বৰবৰী থানাৰ অন্তৰ্গত শিমলাবাৰী গাঁৱত যোৱা ৬ আগষ্টত দুটা ফৈদৰ মাজত সংঘটিত ঘটনাক লৈ সোমবাৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে 1 নং শিমলাবাৰী গাঁওৰ ৰাইজে ৷ গাঁওখনৰ ৰাইজে এক সংবাদমেলৰ আয়োজন কৰি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

তেওঁলোকে জানিবলৈ দিয়া অনুসৰি, শিমলাবাৰী গাঁৱত সংঘটিত ঘটনাৰ সৈতে কোনো ৰাজনৈতিক দল জড়িত নহয় ৷ এখন চৰণীয়া পথাৰক কেন্দ্ৰ কৰি দুখন সমাজৰ মাজত সংঘটিত হোৱা এটা ঘটনাহে ৷ ইয়াত কোনো ৰাজনৈতিক দল জড়িত নাই ৷

আনহাতে, সংবাদমেলযোগে প্ৰাক্তন পথাৰ পৰিচালনা সমিতিৰ সম্পাদক বিপুল কুমাৰ বড়োৱে কয় যে, ‘‘1983 চনৰ পৰা গাঁওখনৰ মাজত থকা চৰকাৰী মাটিখিনিত কৃষক ৰাইজে বিভিন্ন ধৰণৰ খেতি কৰি আহিছে ৷ গতিকে এইবাৰো ৰাইজে খেতি কৰাৰ বাবে মাটি চহাইছিল ৷ কিন্তু 2 নং শিমলাবাৰী গাঁৱৰ কমল পাঠক নামৰ লোকজনে চৰণীয়া পথাৰখন মুকলিকৈ ৰখাৰ বাবে ৰাজহ চক্ৰ বিষয়ালৈ এখন আবেদন প্ৰেৰণ কৰিছিল ৷ তেতিয়াৰে পৰা চৰকাৰী মাটিখিনি বিবাদমান হয় ৷ কিন্তু তথাপিও 1 নং শিমলাবাৰী আৰু 3 নং শিমলাবাৰী গাঁৱৰ ৰাইজে বৃহস্পতিবাৰে খেতি কৰাৰ বাবে মাটি চহাইছিল ৷ ইয়াৰ পাচতে কমল পাঠকে ৰাজহ চক্ৰ বিষয়াৰ লগতে আৰক্ষী প্ৰশাসনক খবৰ দিয়ে’’ ৷

বাক্সাৰ শিমলাবাৰীৰ ভূমিৰ ঘটনা সন্দৰ্ভত গাঁওবাসীৰ সংবাদমেল

তেওঁ সদৰি কৰা মতে, ‘‘প্ৰশাসনে দুই পক্ষৰ মাজৰ মীমাংসাৰ বাবে শিমলাবাৰীত উপস্থিত হয় যদিও কিছু অসুবিধাৰ বাবে 1 নং শিমলাবাৰীৰ ৰাইজ উপস্থিত হওঁতে পলম হোৱাত ৰাজহ চক্ৰ বিষয়া উভতি যায় ৷ কিন্তু ইয়াৰ পাচতে কমল পাঠকৰ ঘৰলৈ একাংশ লোকে খেদি আহি তেওঁক মাৰপিট কৰে, যাৰ পৰিণতিস্বৰূপে 4 জন ব্যক্তি আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয়’’ ৷

সংবাদমেলত বিপুল কুমাৰ বড়োই কয় যে, ‘‘ইয়াক লৈ এতিয়া ৰাজনৈতিক দলে ৰাজনীতি কৰিছে ৷ UPPL দলক দোষাৰোপ কৰি বিভিন্ন ধৰণৰ ভাষ্য প্ৰদান কৰিছে ৷ কিন্তু সেইদিনাৰ ঘটনাৰ লগত কোনো ৰাজনৈতিক দলৰ সদস্য জড়িত নহয় ৷ গাঁওখনৰ 100 টা পৰিয়ালৰ মাজত বিভিন্ন ৰাজনৈতিক দলৰ সদস্য থাকে ৷ কিন্তু কোনো নিৰ্দিষ্ট এটা দলৰ নেতাই মাটি দখলৰ বাবে কাজিয়া কৰা নাই ৷ চৰণীয়া পথাৰক লৈ দুখন সমাজৰহে সংঘাত হৈছে ৷ কোনো বড়ো আৰু অবড়োৰ মাজৰ কাজিয়া নহয় ৷

তেওঁ কয় যে, ‘‘আমি সকলোৱে শান্তি বিচাৰো ৷ এই ঘটনাটোক লৈ কোনেও ৰাজনীতি কৰিব নালাগে ৷ গাঁওখনত আমি সকলোৱে বসবাস কৰি থাকিব লাগিব ৷ গতিকে কোনো ৰাজনৈতিক দলৰ নেতাৰ ভাষ্যত আমি ভোল যোৱা উচিত নহয়’’ ৷

জাতিগত দ্বন্দ্বৰ সৃষ্টি কৰিব বিচৰা সংবাদ মাধ্যমৰ বিৰুদ্ধে গাঁওবাসীয়ে আইনৰ আশ্ৰম ল’ব বুলি সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: তেজপুৰত আছুৰ নেতৃত্বত মানৱ শৃংখল প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.