ETV Bharat / state

ভিচিডিচিৰ অধ্যক্ষ বিকেন বড়োৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Apr 8, 2021, 2:09 PM IST

ভিচিডিচিৰ অধ্যক্ষ বিকেন বড়োৱে কালভাৰ্ট নিৰ্মাণত দুৰ্নীতি কৰাৰ অভিযোগ ৷ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কালভাৰ্ট নিৰ্মাণৰ আৱন্টিত ধন আত্মসাৎ কৰা বুলি অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ভিচিডিচিৰ অধ্যক্ষ বিকেন বড়োৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ

বাক্সা,8 এপ্রিল : বিটিআৰ চৰকাৰে দুৰ্নীতি বন্ধ কৰাৰ শ্ল'গান দিয়াৰ সময়তে বাক্সা জিলাৰ গধুলি গাঁও ভিচিডিচিৰ ২নং বুনবাৰীৰ মূল পথৰ ওপৰৰ কালভাৰ্ট নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ ভিচিডিচিৰ অধ্যক্ষ বিকেন বড়োৱে নিৰ্মাণৰ কাম হাতত লোৱা কালভাৰ্টটোত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক সকলে ৷ কালভাৰ্টটোৰ ওপৰেৰে গাড়ী চলাচল কৰিলে ভাঙি যাব বুলিও মন্তব্য কৰে স্থানীয় লোক সকলে ৷

অধ্যক্ষ গৰাকীয়ে নিম্নমানৰ কাম কৰি আৱন্টিত ধন আত্মসাৎ কৰাৰ সাহস ক'ত পালে বুলিও বিটিআৰ চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বিভাগীয় কৰ্তৃপক্ষই কালভাৰ্ট নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি দুৰ্নীতিত লিপ্ত হোৱা গধুলি গাঁও ভিচিডিচিৰ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ ৷

লগতে পঢ়ক: নাহৰৰ দেশত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.