নিউজ ডেক্স, 22 নৱেম্বৰঃ জনজাতি সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত উত্তাল হৈ পৰিছে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি ৷ ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ জনজাতীয় দল সংগঠনৰ লগতে সাধাৰণ ৰাইজৰ ৷ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অসমৰ জোনাই জিলা সমিতিৰ আহ্বানত সংবিধানৰ অনুসূচিত জনজাতি সংশোধনী বিধেয়ক-২০১৯ খন বাতিলকৰণৰ দাবীত শুকুৰবাৰে জোনাইত সহস্ৰাধিক লোকে জোঁৰ সমদল লৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ জোনাই আঞ্চলিক বৰনামঘৰ হৈ ৬ বজাত জোনাই জিলা ট্ৰাইবেল সংঘৰ কাৰ্য্যালয়ত সামৰণি পেলোৱা জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণৰ সময়ত প্ৰতিবাদকাৰীসকলে হাতে হাতে জোঁৰ লৈ " সাংবিধান( অনুসূচী জনজাতি) নিৰ্দেশ (সংশোধনী) বিধেয়ক ২০১৯ খন বাতিল কৰক "," ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক", " জনজাতি ঐক্য - জিন্দাবাদ ", "জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি,অসম - জিন্দাবাদ ", আদি শ্ল'গান দি জোনাই সদৰৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ ইয়াৰ লগতে বাক্সাৰ তামুলপুৰতো ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতা CCTOAৰ ৷ তামুলপুৰ মহকুমাৰ মটঙা চকৰ পৰা ১২৭ নং ডি ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰে হাতে হাতে জুইৰ শিখা লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে ৰাজপথ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে ৷
সমান্তৰালকৈ, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰাকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি বঢ়মপুৰতো জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত উলিওৱা হয় জোঁৰ সমদল। আনহাতে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিব কোকৰাঝাৰত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি এই কথা ঘোষণা এবছুৰ সহকাৰী সম্পাদক খৌৰমদাও ওৱাৰীৰ ৷ ডিমা হাছাও হিলচ ট্ৰাইব ষ্টুডেন্টস এছোচিয়েচনেও প্ৰতিবাদ কৰে এই বিধেয়কৰ ৷
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ মাজতেই অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকাৰী আইন-২০১৭ আইনৰ আওতাৰ পৰা ৰাভা হাছং আৰু ট্ৰাইবেল বেল্ট আৰু ব্লকৰ এলেকাধীন গাঁও সমূহ কৰ্তনৰ দাবীত শুকুৰবাৰে ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাকে ধৰি কৰি ১২টাকৈ সংগঠনে ৷