বাক্সা,৩ আগষ্ট : পেঞ্চনাৰসকলৰ সুবিধাৰ্থে অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । এতিয়াৰে পৰা পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট হ্ৰাস হ'ব । পেঞ্চন পোৱাৰ ক্ষেত্রত থকা পূৰ্বৰ জটিলতা নোহোৱা হ'ব । কোনো কাৰ্যালয়ে কাৰ্যালয়ে এতিয়াৰে পৰা দৌৰিব নালাগে ।
পেঞ্চনাৰসকলৰ সুবিধাৰ্থে ইতিমধ্যে জিলাই জিলাই চৰকাৰে মুকলি কৰিছে পেঞ্চন সেনা কেন্দ্ৰ । নিজ নিজ জিলাত থকা পেঞ্চন সেৱা কেন্দ্ৰৰ পৰা পেঞ্চনাৰসকলে যাৱতীয় কাম কৰিব পাৰিব । বাক্সা জিলাতো বুধবাৰে মুকলি কৰা হয় পেঞ্চন সেৱা কেন্দ্ৰ (Pension Sewa Kendra inauguration in Baksa)।
চৰকাৰৰ নিৰ্দেশৰ পাছতে বাক্সা জিলা শিক্ষা বিভাগে মুকলি কৰে পেঞ্চন সেৱা কেন্দ্ৰটো । জিলাখনৰ মুছলপুৰত মুকলি কৰা হয় সেৱা কেন্দ্ৰটো ।
অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই মুকলি কৰে পেঞ্চন সেৱা কেন্দ্ৰটো (Urkhao Gwra Brahma inaugurates pension sewa Kendra at Baksa)। মুকলি অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে বিগত সময়ত পেঞ্চন লাভ কৰাৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলে গুৱাহাটীৰ কাৰ্যালয় কাৰ্যালয়ে দৌৰিব লগা হৈছিল । পেঞ্চন লাভৰ বাবে যথেষ্ট সমস্যাৰো সন্মুখীন হৈছিল পেঞ্চনাৰসকল । সেয়ে চৰকাৰে পেঞ্চনাৰসকলৰ সুবিধাৰ কাৰণে মুকলি কৰা এই পেঞ্চন সেৱা কেন্দ্ৰৰ জৰিয়তে লোকসকল যথেষ্ট উপকৃত হ'ব বুলি আশাবাদী মন্ত্ৰীগৰাকী ।
লগতে পঢ়ক :New Pension office: নলবাৰীত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি মন্ত্ৰী অজন্তা নেওগৰ