বাক্সা, 3 মে’ : বহু জল্পনা-কল্পনাৰ ওৰ পেলাই দেওবাৰে ঘোষিত হয় 21ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ বাক্সা জিলাত ইউপিপিএল দলে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হয় । জিলাখনৰ তিনিওটা বিধানসভা সমষ্টি ক্ৰমে 58 নং তামুলপুৰ, 62 নং বৰমা আৰু 63 নং চাপাগুৰি সমষ্টিত ইউপিপিএল দলে জয়লাভ কৰে । তামুলপুৰ সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী লেহোৰাম বড়োৱে 31,992 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বিপিএফৰ ৰঞ্জা খুংগুৰ বসুমতাৰীক ।
ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে 78,484 টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে 46,492 টা ভোট । বৰমা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী ভূপেন বড়োৱে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বিপিএফৰ প্ৰাৰ্থী প্ৰবীণ বড়োক 23,730 টা ভোটৰ ব্যৱধানত পৰাজিত কৰে । ভূপেন বড়োৱে 62,270 টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰবীণ বড়োৱে লাভ কৰে 38,540 টা ভোট ।
আনহাতে, সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া নিৰ্বাচনত নিৰ্দলীয়ৰূপে অৱতীৰ্ণ হৈ পৰাজয়বৰণ কৰে । 63 নং চাপাগুৰি সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই 61,302 টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে । তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক 26,516 টা ভোটৰ ব্যৱধানত পৰাজিত কৰে । বিপিএফৰ প্ৰাৰ্থী গৰাকীয়ে 34,786 টা ভোট লাভ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : জয়ৰ পাচতে আবেগিক হৈ পৰিল এআইইউডিএফৰ প্ৰাৰ্থী আব্দুল আজিজ