ETV Bharat / state

প্ৰয়াত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক ইউপিপিএলৰ শ্ৰদ্ধাঞ্জলি - 13th president in india pranab mukharji

ৰাজ্যৰ অন্যতম ৰাজনৈতিক দল ইউপিপিএলে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ দলটোৰ তামুলপুৰস্থিত কাৰ্যালয়ত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে দলটোৰ সভাপতি, নেতাৰ লগতে অন্যান্য দলীয় কৰ্মীসকল ৷

UPPL shows last tribute to former president pranab mukharji
ইউপিপিএলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
author img

By

Published : Sep 1, 2020, 1:36 PM IST

বাক্সা, 1 ছেপ্তেম্বৰ: সোমবাৰে নিয়তিৰ ওচৰত হাৰ মানিলে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ৷ মুখাৰ্জীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ ৷ ৰাজ্যৰ অন্যতম ৰাজনৈতিক দল ইউপিপিএলে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ দলটোৰ তামুলপুৰস্থিত কাৰ্যালয়ত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে দলটোৰ সভাপতি প্ৰমোদ বড়ো ৷

ইউপিপিএলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে দলৰ উপ-সভাপতি গোবিন্দ বসুমতাৰীয়ে ৷ ইউপিপিএলৰ নেতা ৰণগৌৰা নাৰ্জাৰীৰ লগতে অন্যান্য নেতা তথা দলীয় কৰ্মীসকলে প্ৰয়াত মুখাৰ্জীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ লগতে বিদেহী আত্মাৰ সদগতি কামনাৰে দুই মিনিট সময় মৌন প্ৰাৰ্থনা কৰে দলটোৰ নেতা-কৰ্মীসকলে ৷ উল্লেখ্য যে,লোধী ৰোড শ্মশানঘাটত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব ৷

লগতে চাওকঃ পাৰিবাৰিক বিবাদৰ পৰিণতি: এজাহাৰ দাখিলৰ বাবে হত্যাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.