বাক্সা, 26 ফেব্ৰুৱাৰীঃ সমাগত বিটিআৰ নিৰ্বাচন ৷ নতুন বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ পিচত বড়োভূমিত এয়া প্ৰথমটো নিৰ্বাচন ৷ বাক্সাত ইউপিপিএলৰ নিৰ্বাচনী ৰণডংকা ৷ প্ৰায় দুই শতাধিক লোকৰ যোগদান ইউপিপিএলত ৷ বাক্সাৰ মুছলপুৰ ব্লক সমিতিৰ উদ্যোগত ভালুকাদঙাত বুধবাৰে ইউপিপিএলে অনুষ্ঠিত কৰে এখন নিৰ্বাচনী সভা ৷ মুছলপুৰ জিলা ইউপিপিএল দলৰ সম্পাদক দয়াল শৰণীয়াৰ উপস্থিতিত বিভিন্ন দল সংগঠনৰ প্ৰায় দুই শতাধিক লোকে দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷
এই সভাত মুছলপুৰ জিলা সমিতিৰ সম্পাদক দয়াল শৰণীয়াই এইবাৰ বিটিচিৰ ৰাইজে পৰিৱৰ্তন বিচৰা বুলি উল্লেখ কৰি কয় যে বিটিচিৰ পৰা এইবাৰ হাগ্ৰামা বাহিনী উৎখাত হ'ব আৰু ইউপিপিএলেই ক্ষমতাত আহিব ৷ লগতে ইউপিপিএল দলে বিটিচিৰ শাসনভাৰ গ্ৰহণ কৰি শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিব বুলি উল্লেখ কৰে ৷