ETV Bharat / state

ইউপিপিএলে শাসনলৈ আহিলে প্ৰত্যেক জনগোষ্ঠীক লৈ গঠন কৰিব উন্নয়ণ পৰিষদ - প্ৰমোদ বড়ো

ইউপিপিএল শাসনলৈ আহিলে প্ৰত্যেক জনগোষ্ঠীক লৈ গঠন কৰিব উন্নয়ণ পৰিষদ ৷ ইউপিপিএলে শাসনলৈ আহিলে দুৰ্নীতিগ্ৰস্ত বিডিঅৰ বিৰূদ্ধে গ্ৰহণ কৰিব শাস্তিমূলক ব্যৱস্হা ৷

UPPL President Pramod Baro Attended At Baksha District
প্ৰত্যেক জনগোষ্ঠীক লৈ গঠন কৰিম উন্নয়ণ পৰিষদঃ প্ৰমোদ বড়ো
author img

By

Published : Aug 18, 2020, 10:18 PM IST

বৰমা, ১৮ আগষ্টঃ বিটিচি নিৰ্বাচনত ইউপিপিএ দল শাসনলৈ আহিলে সকলো জনগোষ্ঠীৰে সহায়ক হোৱাকৈ উন্নয়ণ পৰিষদ গঠন কৰিব । এই মন্তব্য ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ । আজি বাক্সা জিলাৰ ২১ নং শালবাৰী পৰিষদীয় সমষ্টিত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে, বিটিএডিত সকলো জাতি জনগোষ্ঠীয়ে এই অঞ্চলত শান্তি সম্প্ৰীতিৰে বসবাস কৰি আহিছে । শান্তিপূৰ্ণভাৱে বসবাস কৰা এই জনগোষ্ঠী সমূহৰ উন্নতি হোৱাকৈ উন্নয়ণ পৰিষদ গঠন কৰা হ'ব বুলি ঘোষণা কৰে ।

ভাষণ প্ৰসংগত প্ৰমোদ বড়োৱে কয় যে, পূৰ্বতে ছাত্ৰ সংগঠনৰ লগত থাকি ৰাজনৈতিক নেতা সকলক যুক্তিযুক্ততাৰে প্ৰত্যাহ্বান জনাইছিলো ৷ এতিয়া ৰাজনীতিত প্ৰৱেশ কৰাৰ লগে-লগে দুখীয়া শ্ৰেণীৰ লোক সকলৰ লগত থাকি যুঁজ দিব লাগিব । দুখীয়া লোক সকলৰ নামত আৱন্টিত হোৱা পি এম এৱাই আৰু জব কাৰ্ডৰ নামত সংঘটিত হোৱা বহু হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ বাবে খণ্ড উন্নয়ণ বিষয়াৰ লগত ৰাজনৈতিক নেতা-পালিনেতা সকলক দোষাৰোপ কৰে।

আনহাতে, অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলে বিনা-বেতনেৰে অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলক ইউপিপিএল দলে চৰকাৰ গঠন কৰিলে বিশেষ ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিয়ে । সভাত বিটিআৰ চুক্তি স্বাক্ষৰকাৰী লৰেন্স ইছলাৰী, এবছুৰ প্ৰাক্তন উপ সভাপতি ৰোমিঅ' পি নাৰ্জাৰী, শালবাৰী সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীৰ লগতে দলৰ বহু নেতা -কৰ্মী উপস্থিত থাকে । এই সভাতে বিভিন্ন দলৰ পৰা ছয় শতাধিক লোকে ইউপিপিএলত যোগদান কৰে ।

প্ৰত্যেক জনগোষ্ঠীক লৈ গঠন কৰিম উন্নয়ণ পৰিষদঃ প্ৰমোদ বড়ো

লগতে পঢ়ক- চিৰাঙত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰঃ শংকিত বিটিচি বাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.