ETV Bharat / state

ইউপিপিএলৰ ভিতৰচ'ৰাত অৰাজকতা: চাৰি নেতাক বহিষ্কাৰ - বাগানপাৰা ব্লক সমিতি

ইউপিপিএলৰ ভিতৰচ'ৰাত অৰাজকতাৰ অভিযোগ ৷ বাগানপাৰা সমষ্টিৰ চাৰি নেতাক বহিষ্কাৰ ৷

uppl-party-rejected-four-leader-baganpara-constituency
ইউপিপিএলৰ ভিতৰচ'ৰাত অৰাজকতাৰ অভিযোগ: চাৰি নেতাক বহিষ্কাৰ
author img

By

Published : May 28, 2021, 10:40 PM IST

বাক্সা, ২৮ মে': বিটিআৰ পৰিষদৰ সমান্তৰালভাৱে ৰাজ্যতো ইউপিপিএল, বিজেপি আৰু জিএছপি মিত্ৰজোঁটৰ চৰকাৰ চলি থকা স্বত্বেও দল কেইটাৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মী সকলৰ সম্পৰ্কৰ মাজত যেন ভিতৰি ভিতৰি এতিয়াও এক শীতল যুদ্ধ চলি আছে ৷ ইয়াৰ এক দৃশ্য পৰিলক্ষিত হৈছে বাক্সা জিলাৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ একাংশ শীৰ্ষ নেতাৰ কৰ্মকাণ্ডত ৷

কোনো কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ নকৰাকৈ সমষ্টিটোৰ ইউপিপিএলৰ চাৰিগৰাকী দলীয় নেতাক বহিষ্কাৰ কৰা কাৰ্যই এতিয়া দলটোৰ ভিতৰচ'ৰাত চলি থকা এক অৰাজকতাৰ ইংগিত বহণ কৰিছে ৷ উল্লেখ্য যে, ইউপিপিএলৰ যুৱ শাখাৰ বাগানপাৰা ব্লক সমিতিৰ উপসভাপতি দেবাজু গয়াৰী, সাংগঠনিক সম্পাদক সৌমদৌন বড়ো, বাগানপাৰা প্ৰাথমিকৰ সম্পাদক অলিত চন্দ্ৰ ৰামচিয়াৰী আৰু জোপাদং প্ৰাথমিকৰ সভাপতি দীপেন বসুমতাৰীক যোৱা ২৫ মে' তাৰিখে দলটোৰ পৰা বহিষ্কাৰ কৰা বুলি দলীয় পেডত পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰে ৷

এই লৈ আজি বহিষ্কৃত নেতা কেইজনে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত বহিষ্কৃত নেতা দীপেন বসুমতাৰীয়ে কয় যে ইউপিপিএল দলে তেওঁলৈ প্ৰেৰণ কৰা পত্ৰত কি কাৰণত বহিষ্কাৰ কৰা হৈছে তাৰ কোনো কাৰণ উল্লেখ কৰা নাই ৷

ইউপিপিএলৰ ভিতৰচ'ৰাত অৰাজকতাৰ অভিযোগ: চাৰি নেতাক বহিষ্কাৰ

জিএছপিৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াৰ হকে কাম কৰাৰ অভিযোগ তুলি ইউপিপিএলৰ বাগানপাৰা ব্লক সমিতিয়ে দলৰ পৰা বহিষ্কাৰ কৰা বুলি তেওঁ বিশেষ সূত্ৰে গম পোৱা বুলি কয় । তেওঁ এইক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, যিহেতু সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বাধীন জিএছপি দলে ইউপিপিএল আৰু বিজেপিৰ সৈতে মিত্ৰতাৰে বিটিচি তথা ৰাজ্যত চৰকাৰ চলাই আছে । এ

ই সময়তে সাংসদ গৰাকীক সমৰ্থন কৰা বুলি ইউপিপিএল দলে অভিযোগ কৰাত আশ্চৰ্য প্ৰকাশ কৰি কয় তেওঁ যদি সাংসদ গৰাকীৰ ইমানেই দোষ আছে তেনেক্ষেত্ৰত কিহৰ কাৰণে জিএছপিৰ সৈতে মিত্ৰতাৰে কেন্দ্ৰীয় নেতৃত্বই চৰকাৰ চলাই আছে । একমাত্ৰ দলীয় স্বাৰ্থত চাৰিবাৰকৈ কাৰাবাস খটাৰ পিছত এতিয়া ইউপিপিএল দলে চৰকাৰ গঠন কৰাৰ পিছত তেওঁক মিছা অভিযোগ তুলি বহিষ্কাৰ কৰা কাৰ্যত একাংশৰ ন্যস্ত স্বাৰ্থ জড়িত আছে বুলিও অভিযোগ তোলে দীপেন বসুমতাৰীয়ে ।

ইপিনে দলীয় ৰোষৰ বলি হোৱা আন এগৰাকী নেতা দেবাজু বসুমতাৰীয়ে তেওঁ বিশেষ অসুবিধাৰ বাবে নিয়মীয়াকৈ দলীয় কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ অজুহাততে দলৰ পৰা অব্যাহতি দিয়া বুলি উল্লেখ কৰে ৷ বসুমতাৰীয়ে ইউপিপিএলৰ জন্মলগ্নৰ পৰাই জড়িত হৈ দলটোৰ হ'কে দেহেকেহে খাটি বাগানপাৰা ব্লক সমিতিৰ উপসভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰাৰ পিচতো কেৱল মাত্ৰ কাৰ্যালয়ত অনুপস্থিতিৰ অভিযোগ তুলি দলৰ পৰা অব্যাহতি দিয়া কাৰ্যত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে ।

ইউপিপিএলৰ বাগানপাৰা ব্লক সমিতিৰ সম্পাদক প্ৰদীপ কুমাৰ বড়ো, যুৱ শাখাৰ সভাপতি বাবুল চন্দ্ৰ বড়ো আৰু সম্পাদক মিথুন গয়াৰীৰ ষড়যন্ত্ৰতেই দলটোৰ পৰা বহিষ্কাৰ কৰা বুলি অভিযোগ কৰে দলীয় ৰোষৰ বলি হোৱা নেতা কেইগৰাকীয়ে৷ তেওঁলোকে দলটোৰ ভিতৰচৰাত একাংশ বিষয়ববীয়াৰ মৈমতালিত এইধৰণৰ কাৰ্যকলাপ যদি ভৱিষ্যতে চলি থাকে তেন্তে দলটোৰ তৃনমূল পৰ্যায়ৰ নেতা-কৰ্মী সকল শংকিত হৈ পৰিব লগতে অদূৰ ভৱিষ্যতে দলটোৰ প্ৰতি এক অশনি সংকেট কঢ়িয়াই আনিব বুলিও মন্তব্য কৰে ।

সেয়ে বিষয়টো সন্দৰ্ভত ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো আৰু বাগানপাৰা পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য তথা বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৰ হস্তক্ষেপ কামনা কৰি ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বহিষ্কৃত নেতা কেইজনে ৷

লগতে পঢ়ক : ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.