বাক্সা,28 ফেব্ৰুৱাৰীঃ সমাগত বিটিচি নিৰ্বাচনৰ বাবে ইতিমধ্যে ইউ পি পি দলৰ কুচকাৱাজ ক্ষীপ্ৰ গতিত চলিছে । শুকুৰবাৰে বাক্সাৰ দ্বাৰকুছি বজাৰ প্ৰেক্ষাগৃহত দলটোৰ সংখ্যালঘু কোষৰ তামুলপুৰ জিলা সমিতিখন গঠন কৰা হয় ৷ উক্ত সভাত অংশগ্ৰহণ কৰি এ বি এমছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ইউ পি পি এলৰ সহঃ সম্পাদক নজৰুল ইছলামে ছাত্ৰ সংগঠনত থাকি সংখ্যালঘু মুছলমান লোকৰ সমস্যা সমূহ সমাধান কৰাৰ চেষ্টা চলাইছিল বুলি উল্লেখ কৰে ৷ কিন্তু কিছুমান সমস্যা ছাত্ৰ সংগঠনৰ জৰিয়তে সমাধান কৰা সম্ভৱ নহয় । সেয়ে দলটোত যোগদান কৰা বুলি মুকলিকৈ প্ৰকাশ কৰে ইছলামে ৷
বিটিচি নিৰ্বাচনক এইবাৰ এক সুকীয়া ৰূপত দেখা যাব বুলি ইছলামে কয় ৷ প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিৰ ৰাজনৈতিক পৰিৱৰ্তন হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ হাগ্ৰামা মহিলাৰীৰ অপশাসন ধূলিস্যাৎ হ’ব বুলি ইু পি পি এলৰ সহঃ সম্পাদকগৰাকীয়ে প্ৰকাশ কৰে ৷ সভাখনত উপস্থিত থাকে ইউ পি পি এলৰ উপ-সভাপতি হজৰ আলী,কেন্দ্ৰীয় সংখ্যালঘু কোষৰ সভাপতি হানিফ আলী,ইউ পি পি এলৰ সাংগঠনিক সম্পাদক মুজিব আলী,তামুলপুৰ জিলা ইউ পি পি এলৰ যুৱ মৰ্চাৰ সভাপতি ৰমিত স্বৰ্গীয়াৰী আদি ৷ উক্ত সভাত এ বি এমছুৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰায় ২০০ গৰাকী পুৰুষ-মহিলায়ে দলটোত যোগদান কৰে ।
লগতে চাওকঃধৰ্মীয় অসহিষ্ণুতাৰ মাজতো ভগৱান শিৱক প্ৰতিপাল কৰিছে এটা মুছলমান পৰিয়ালে