ETV Bharat / state

বাক্সাত ইউ পি পি এলৰ বিশাল যোগদান সমাৰোহ - বাক্সা জিলাৰ তামুলপুৰ

ক্ৰমে সমাগত বিটিচি নিৰ্বাচন ৷ আন দলৰ লগতে বি পি এফ, অবড়ো, ইউ পি পি এল, বিজেপি কোনো দলে নিৰ্বাচনী প্ৰচাৰত পিছপৰি ৰোৱা নাই । শনিবাৰে বাক্সা জিলাৰ তামুলপুৰ মটঙা নদীৰ পাৰত ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৰ উপস্থিতিত দলটোৰ বিশাল যোগদান সমাৰোহ আয়োজন কৰা হয় ৷

UPPL meeting at baksa assam etv bharat news
যোগদান সমাৰোহ
author img

By

Published : Mar 7, 2020, 11:47 PM IST

বাক্সা,7 মাৰ্চঃ বি টি এ ডি-ৰ ৰাজনৈতিক বতাহ ক্ৰমে গৰম হ’বলৈ ধৰিছে । সেয়ে আন দলৰ লগতে বি পি এফ, অবড়ো, ইউ পি পি এল, বিজেপি কোনো দলে নিৰ্বাচনী প্ৰচাৰত পিছপৰি ৰোৱা নাই । শনিবাৰে বাক্সা জিলাৰ তামুলপুৰ মটঙা নদীৰ পাৰত ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৰ উপস্থিতিত দলটোৰ বিশাল যোগদান সমাৰোহ আয়োজন কৰা হয় ৷ উক্ত সভাত বিভিন্ন দল সংগঠনৰ প্ৰায় সহস্ৰাধিক লোকে যোগদান কৰে ।

যোগদান সমাৰোহ

উক্ত সভাত ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৱে ১০মাৰ্চৰ পৰা বিটিচি অঞ্চলত সমষ্টিয়ে সমষ্টিয়ে বাইক ৰেলী উলিওৱাৰ কথা প্ৰকাশ কৰে ৷ লগতে স্বয়ং সভাপতিগৰাকীয়ে কোন ঠাইৰ পৰা নিৰ্বাচন খেলিব থিৰ হোৱা নাই বুলি প্ৰকাশ কৰে । ৰাইজে বিচৰা সমষ্টিতে নিৰ্বাচন খেলাৰ কথা ব্যক্ত কৰে বড়োৱে । সমান্তৰালকৈ দলৰ নীতি-নিয়ম মানি চলাৰ কথা উল্লেখ কৰে দলটোৰ সভাপতি গৰাকীয়ে ৷ যিসকলে ক্ষমতা অবিহনে এক মিনিট সময় থাকিব নোৱাৰে তেওঁলোকে সোনকালে প্ৰাৰ্থী তালিকা বিচাৰে বুলি অন্য দলসমূহক কটাক্ষ কৰে বড়োৱে । প্ৰায় ৩২লাখ মানুহৰ আশা-আকাংক্ষাক গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি সদৰী কৰে ইউ পি পি এলৰ সভাপতি গৰাকীয়ে ৷

লগতে চাওকঃকৰ'ণা ভাইৰাছৰ বাবে প্ৰশাসনে বন্ধ কৰিলে কাজিৰঙা মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.