বৰমা, 13 ছেপ্টেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ উদ্দেশ্য আগত লৈ তৎপৰ হৈছে ৰাজনৈতিক দল সমূহ ৷ নিৰ্বাচনৰ দিন বৰ্তমানেও ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে ৷ তথাপিও বিপিএফ, ইউপিপি এলকে ধৰি দল সমূহে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ ভোটাৰক আকৰ্ষণ কৰাৰ সমান্তৰৰাল কৈ আৰম্ভ হৈছে এটা দলে আনটো দললৈ বোকা ছটিওৱা ৰাজনীতি ৷ 17 বছৰে বিটি শাসন কৰা বিপিএফ দলে উন্নয়ন সাধিব নোৱাৰা বুলি সতকাই অভিযোগ উত্থাপন কৰি আহিছে প্ৰধান বিৰোধী দল ইউপিপিএলে ৷
বাগানপাৰা বিটিচি পৰিষদীয় সমষ্টিৰ আংগাৰধোৱা পলকাটাত এখন দলীয় নিৰ্বাচনী সভাত ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়োৱে ক্ষুৰধাৰ সমালোচনা কৰে বিপিএফ দলক ৷ তেওঁ কয় যে, 17 বছৰে বিপিএফে কোনো ধৰণৰৰ উন্নয়ন সাধন নকৰিলে বাগানপাৰা সমষ্টিত ৷ আনবোৰ সমষ্টিতকৈ বহুক্ষেত্ৰত বাগানপাৰা সমষ্টি পিচ পৰি থকা বুলি উল্লেখ কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ আনহাতে, বিপিএফে শোষণ, লুণ্ঠন আৰু ভয়-ভাবুকিৰে বিটিচিত শাসন চলোৱা বুলি গুৰুতৰ অভিযোগ তোলে কাতিৰাম বড়োৱে ৷ লগতে তেওঁ কয় যে, উন্নয়নৰ বাবে অহা টকা আত্মসাৎ কৰাতোৱেই বিপিএফৰ প্ৰধান কাম ৷ ইউপিপিএল দল শাসনলৈ আহিছে অঞ্চলটোত অব্যাহত থকা খোৱাপানীৰ সমস্যা, পাগলাদিয়া নৈৰ মথাউৰিৰ খহনীয়া আদি সমস্যাৰ শীঘ্ৰে সমাধান হ’ব বুলি আশ্বাস দিয়েকাতিৰাম বড়োৱে ৷
আনহাতে সভাত থকা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্মই ভাষণত কয় য়ে ২০০৫ চনতেই এনডিএফবিয়ে যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰিছিল ৷ হীৰা শৰণীয়াই আজিলৈকে এনডিএফবিৰ সদস্যক সম্বৰ্ধনা জনোৱা নাই ৷ শান্তি স্থাপন হোৱাটো হীৰা শৰণীয়াই নিবিচাৰে নেকি বুলি প্ৰশ্ন কৰে ইউ জি ব্ৰহ্মই ৷ ভূমি নীতিৰ বিষয়ে তেওঁ কয় যে, ভূমি নীতি আইন বড়ো সকলে গঠন কৰা নাই, সেই নীতি গঠন কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ দৰে নেতা সকলে ৷
এই সভাতে সভাত শতাধিক ৰাইজে ইউপিপিএল দলত যোগদান কৰে ৷ বাক্সা জিলা ইউপিপিএল দলৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়া, সাংগঠনিক সম্পাদক মজিব আলি আহমেদৰ লগতে দলৰ বহু কৰ্মকৰ্তা উপস্থিত থাকে ৷অই সভাত ৷
লগতে পঢ়ক : অখিলৰ আইনী যুঁজৰ বাবে নগাঁৱত ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ