ETV Bharat / state

বাক্সাত উদ্ধাৰ অচিনাক্ত মৃতদেহ - এটি যুৱকৰ মৃতদেহ

বাক্সা জিলাৰ পদ্মপাৰত উদ্ধাৰ এটি মৃতদেহ ৷বৰ্তমানলৈ মৃতদেহটো চিনাক্ত হোৱা নাই ৷ ঘটনাস্থলীত উপস্থিত তামুলপুৰ আৰক্ষী৷

বাক্সাত উদ্ধাৰ অচিনাক্ত মৃতদেহ
author img

By

Published : Sep 7, 2019, 12:43 PM IST

বাক্সা,7ছেপ্টেম্বৰ : শনিবাৰে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পদ্মপাৰত উদ্ধাৰ হয় এটি যুৱকৰ মৃতদেহ ৷ স্থানীয় এজন লোকে অঞ্চলটোৰ সীমান্তৰে বৈ যোৱা দৰঙা নদীত গা ধুবলৈ যাওতেই প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ ইয়াৰ পাছতে লোকজনে অঞ্চলবাসীৰ লগতে তামুলপুৰ আৰক্ষীক খবৰ দিয়ে ৷ বৰ্তমানলৈ মৃতদেহটোৰ পৰিচয় চিনাক্ত হোৱা নাই ৷

বাক্সাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

ইফালে অচিনাক্ত মৃতদেহটো উদ্ধাৰৰ পাছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷ স্থানীয় লোকৰ সন্দেহ প্ৰায় 24 বছৰীয়া যুৱকজনক কোনো দুষ্ট লোকে হত্যা কৰি পেলাই থৈ যায় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ যোৱাৰ লগতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখে তদন্ত ৷

Intro:বাক্সাৰ তামুলপুৰৰ পদ্মপাৰত অচিনাকি মৃত্যুদেহ উদ্ধাৰ ।Body:বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পদ্মপাৰত এটা অচিনাকি মৃত্যুদেহ উদ্ধাৰ । আজি পুৱা ৭ মান বজাত অঞ্চলটোৰ সীমান্তৰে বৈ যোৱা দৰঙানদীত স্থানীয় এজন লোকে গা ধুবলৈ যাওঁতে প্ৰায় ২৮ বছৰীয়া যুৱকৰ মৃত্যুদেহ প্ৰত্যক্ষ কৰে । লগে লগে উক্ত লোক জনে স্থানীয় ৰাইজক খবৰ দিয়াত ৰাইজ নৈৰ পাৰত উপস্থিত হয় আৰু স্থানীয় এজন গাওৰক্ষী বাহিনীৰ লোকে তামুলপুৰ আৰক্ষী থানা খবৰ দিয়া বুলি জানিবলৈ দিয়ে । বৰ্তমানলৈকে মৃত যুৱকজন চিনাক্ত হোৱা নাই । উক্ত ঠাইত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । উল্লেখ্য যে স্থানীয় লোকসকলৰ ভাষ্য অনুসৰি কোনোবা দুষ্ট চক্ৰই উক্ত ঠাইখিনিত যুৱক জনক মাৰি থয় পেলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । কাৰণ দৰঙানদীটোত মৃতদেহ ভাহি আহিব লগীয়া তেনেকুৱা কোনো ধৰণৰ পানীৰ সোঁত নাই ।Conclusion:তেনেস্থলত কেনেকৈ মৃতদেহ ভাহি আহিবলৈ পালে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। পাছত ঘটনাস্থলীত তামুলপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ যায় ।

ভাষ্য :

বাক্সা পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.