বাক্সা,১৭ মাৰ্চ: বিপিএফ দলে মহাজোঁটত থাকি চৰকাৰ গঠন কৰাৰ যি সপোন দেখিছে, সেয়া কোনো কাৰণেই বাস্তৱত পৰিণত নহয় ৷ বিটিআৰত কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ কোনো প্ৰভাৱ নাই বুলি মন্তব্য় কৰে চাপাগুৰি সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মই ৷
নতুন সশস্ত্ৰ সংগ্ৰাম কৰা এটা দলৰ জন্ম হোৱাৰ বিষয়ে তেওঁ কয় যে কোনো সশস্ত্ৰ সংগ্ৰাম কৰা সংগঠন নিৰ্বাচনৰ আগমুহুৰ্তত জন্ম হোৱা দেখা নাছিল ৷ কিন্তু কি কাৰণত সশস্ত্ৰ সংগ্ৰাম কৰা দল নিৰ্বাচনৰ আগত জন্ম হৈ বিজেপিৰ বিপৰীতে কোৱা আৰু ইউপিপিএল দলক সমালোচনা কৰিছে সেয়া কোনো কাৰণেই বুজি পোৱা নাই বুলি মন্তব্য কৰে ব্ৰহ্মই ৷
লগতে পঢ়কঃ মুক্তি পালে বিজেপিৰ নিৰ্বাচনী গীত