ETV Bharat / state

বাক্সাৰ লতিবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ সাফল্য

বাক্সাৰ লতিবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ দুই কৃতী ছাত্র-ছাত্ৰীক দল সংগঠনৰ সম্বৰ্ধনা । সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছাত্ৰ-ছাত্ৰীসকল ৷

author img

By

Published : Jun 6, 2020, 11:38 PM IST

Updated : Jun 6, 2020, 11:58 PM IST

বাক্সাৰ লতিবাৰী শংকৰদেৱৰ বিদ্যা নিকেতনৰ সাফল্য

বাক্সা, 6 জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত লতিবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছাত্র-ছাত্ৰী সকলে । এই শিক্ষানুষ্ঠান খনে একেবাৰহে চতুৰ্থ বাৰৰ বাবে এশ শতাংশৰে উত্তীৰ্ণৰে গৌৰাম্বিত হ'বলৈ সক্ষম হৈছে ।

জানিব পৰা মতে শিক্ষানুষ্ঠান খনৰ পৰা চৈধ্য গৰাকী ছাত্র-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ এঘাৰ গৰাকীয়ে প্ৰথম বিভাগত আৰু তিনি গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰিও তিনি গৰাকীয়ে ডিষ্টিংচনসহ ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰে পাপিয়াৰা ৰয়ে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ লতিবাৰীৰ পৰা 93.16% প্ৰথম বিভাগত ষ্টাৰ মাৰ্কসহ ডিষ্টিংচন ভাল কৰিছে । দেউতাক পিন্টু ৰয়ে কোনো মতে এখন সৰু দোকান দি ছোৱালীজনীক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল ।

বাক্সাৰ লতিবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ সাফল্য

আনহাতে দ্বিতীয় গৰাকী হৈছে অভিজিৎ বড়ো দক্ষিণ ডোঙাৰগাওৰ নিবাসী চলেন বড়োৰ একমাত্র পুত্ৰ ৷ এইবাৰ হাইস্কুল চুড়ান্ত পৰীক্ষাত ৯১% নম্বৰৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনত লতিবাৰী পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে । মাতৃ মিটুমনী বড়োৱে নিজে কাপোৰ বোৱাৰ লগতে, দিন হাজিৰা কৰি অভিজিৎ বড়োৰ পঢ়া শুনাত সহায় কৰি আহিছিল ৷

আনহাতে লতিবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ দুই ছাত্ৰ ছাত্ৰীৰ সফলতাত বিভিন্ন দল সংগঠনৰ লোকে ছাত্র-ছাত্ৰী দুগৰাকীক সম্বৰ্ধনা জনায় ৷

লগতে চাওকঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সাফল্য কৃষ্ণভৰ

Last Updated : Jun 6, 2020, 11:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.