ETV Bharat / state

গৰু ছিণ্ডিকেটত জড়িতৰ অভিযোগত দুজনক আটক

বাক্সাৰ কুমাৰীকাটা আৰক্ষীয়ে গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে চলাই এক অভিযান ৷ বৃহস্পতিবাৰে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত গৰু ছিণ্ডিকেটত জড়িতৰ অভিযোগত আটক কৰিবলৈ সক্ষম হয় দুগৰাকী লোকক ৷

Two people arrested involving in cow syndicate baksa etv bharat crime news
গৰু ছিণ্ডিকেট
author img

By

Published : Jul 17, 2020, 5:09 PM IST

বাক্সা,17 জুলাই: আৰক্ষীৰ চকুত ধূলি মাৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে গৰু বা পশুধনৰ ছিণ্ডিকেট ৷ এই তথ্য লাভ কৰি বাক্সাৰ কুমাৰীকাটা আৰক্ষীয়ে গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে চলাই এক অভিযান ৷ বৃহস্পতিবাৰে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত গৰু ছিণ্ডিকেটত জড়িতৰ অভিযোগত আটক কৰিবলৈ সক্ষম হয় দুগৰাকী লোকক ৷ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে বাঁহবাৰীৰ বাসিন্দা মহম্মদ ববোন আলী আৰু চাহজাহান আলী নামৰ দুজন লোকক ৷ সম্প্ৰতি দুয়োগৰাকী ব্যক্তিক ৰখা হৈছে দৰঙামেলা লক আপত ৷

গৰু ছিণ্ডিকেটত জড়িতৰ অভিযোগত দুজনক আটক

আটকাধীন ব্যক্তি দুগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ লগতে প্ৰেৰণ কৰিব জিলা দণ্ডাধীশৰ আদালতলৈ ৷ উল্লেখ্য যে,বৃহত্তৰ কুমাৰীকাটা অঞ্চলত দীৰ্ঘদিনৰ পৰাই সঘনে সংঘটিত হৈ আহিছিল গৰু চুৰিৰ ঘটনা ৷ ঘটনাত জড়িত দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে ৷

লগতে চাওকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি বনৰজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.