তামুলপুৰ, 17 চেপ্তেম্বৰঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ নাওকটাত মঙলবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নাওকটাৰ বিবেকানন্দ একাডেমীৰ সমীপত দুখন অল্টো বাহন আৰু এখন বাইকৰ মাজত সংঘৰ্ষ হয় ৷
এই দুৰ্ঘটনাটোত বাইক আৰোহী বলেন ব্ৰহ্ম আৰু এখন অল্টোৰ আৰোহী সুকুমাৰ ঘোষ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহত বলেন ব্ৰহ্মৰ ঘৰ নাওকটাত আৰু সুকুমাৰ ঘোষৰ ঘৰ বাঙালী পাৰাত বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকীকে নাওকটা প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷