বাক্সা, 15 মে': লক ডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু লোকৰ মাজত খাদ্য সংকটে দেখা দিয়াৰ সময়তে পোহৰলৈ আহিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা বাহবাৰী (ইটাভাটি)গাঁৱৰ দুই মাউৰা ভাতৃৰ কৰুণ জীৱন গাঠা ৷ পিতৃ মাতৃক হেৰুৱাই বৰ্তমান এটা জৰাজীৰ্ণ ঘৰতে জীৱনৰ কঠোৰ শিক্ষা লবলগীয়া হৈছে ধনেশ ৰাজবংশী আৰু মহেশ ৰাজবংশী নামৰ দুই ভাতৃয়ে ৷ জানিব পৰা মতে পিতৃ গোকুল ৰাজবংশীৰ মৃত্যুৰ কিছুদিন পিছতেই মাতৃ বিনীতা ৰাজবংশীৰ মৃত্যু হোৱাত এতিয়া দিশহাৰা হৈ পৰিছে দুই ভাতৃ ৷
উপযুক্ত বয়স হোৱা নাই যদিও, জেষ্ঠ ভাতৃ ধনেশ ৰাজবংশীয়ে দিন হাজিৰা কৰি তথা টেক্টৰত কাম কৰি ভায়েক মহেশক স্কুললৈ অহা যোৱাৰ সুবিধা কৰি দিছে ৷ এই অসহায় ভাতৃ হালে চৰকাৰী সুবিধা লাভ কৰাৰ বিপৰীতে বঞ্চিত হ'ব লগা হ'ল পিতৃ মাতৃৰ মৃত্যু হোৱাৰ বাবে ৰেচন কাৰ্ডৰ বিপৰীতে অহা খাদ্য সামগ্ৰীৰ পৰা ৷ চৰকাৰে দিয়া বিনামূলীয়া চাউল কেইটাৰ বাহিৰে অন্য কোনো ধৰণৰ চৰকাৰী সাহাৰ্য্য লাভ কৰা নাই বুলি উল্লেখ কৰাৰ লগতে নিশা হলেই জেঠাইকৰ ঘৰত আশ্ৰয় লয় বুলি জানিবলৈ দিয়ে মহেশ ৰাজবংশী নামৰ কিশোৰ গৰাকীয়ে ৷