বাক্সা, ২০ চেপ্তেম্বৰঃ বিগত কিছু দিন ধৰি বাক্সাৰ মুছলপুৰত সক্ৰিয় হৈ উঠিছে বাইক চুৰি চক্ৰ। তিনি মাহৰ ভিতৰত মুছলপুৰ অঞ্চলত চুৰি হৈছিল কেইবাখনো নতুন নাম্বাৰ প্লেটবিহীন বাইক । কিন্তু চোৰক কৰায়ত্ব কৰাত ব্যৰ্থ হৈছিল আৰক্ষী।
অৱশেষত শুকুৰবাৰে বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ডুমুনী আৰক্ষীয়ে অভিযান চলায় চুৰি নাম্বাৰ প্লেটবিহীন পালচাৰ বাইকসহ শংকৰ বসুমতাৰী আৰু বিক্ৰম ব্ৰহ্ম নামৰ দুই চোৰক আটক কৰিবলৈ সক্ষম হয়। মাত্ৰ কেইদিনমান পূৰ্বে বাইক চুৰিৰ ঘটনাত জড়িতৰ অভিযোগত জেললৈ গৈছিল ধৃত চোৰ কেইটা । কিন্তু জেলৰ ভাত খাই অহাৰ সাতদিন নৌহওতেই পুনৰ বাইক চুৰি কৰিবলৈ গৈ ডুমুনী আৰক্ষীৰ জালত পৰে শংকৰ বসুমতাৰী আৰু বিক্ৰম ব্ৰহ্ম । ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুয়োকে মাৰাথন জেৰা অব্যাহত ৰাখিছে ।