ETV Bharat / state

বাক্সা জিলাৰ ভিন্ন প্ৰান্তত এছ.এছ.বি জোৱানৰ বৃক্ষৰোপন কাৰ্যসূচী

author img

By

Published : Aug 31, 2020, 1:48 PM IST

ৰঙিয়াস্থিত ২৪ নং এছ.এছ.বিৰ জোৱান সকলৰ উদ্যাগত সোমবাৰে, বাক্সা জিলাৰ তামুলপুৰৰ নিকটৱৰ্তী ভাৰত-ভূটান সীমান্তৰ বগাজুলিত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

এছ.এছ.বি জোৱানৰ বৃক্ষৰোপন কাৰ্যসূচী
এছ.এছ.বি জোৱানৰ বৃক্ষৰোপন কাৰ্যসূচী

বাক্সা, 31 আগষ্ট: সোমবাৰে বাক্সা জিলাৰ তামুলপুৰৰ নিকটৱৰ্তী ভাৰত-ভূটান সীমান্তৰ বগাজুলিত বৃক্ষ ৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ ৰঙিয়াস্থিত ২৪ নং এছ.এছ.বিৰ জোৱান সকলৰ উদ্যাগত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ৷ গৃহ মন্ত্ৰণালয়ে চিআৰপিএফক দিয়া নিৰ্দেশমৰ্মে অখিল ভাৰতীয় বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰি বৃহত্তৰ বগাজুলি, বিমলানগৰ, ৰাজাগড়, বিহংগপুৰ আদি অঞ্চলত ১৩ হাজাৰতকৈ অধিক বৃক্ষ ৰোপণ কৰাৰ গ্ৰহণ কৰিছে জোৱানসকলে ৷ বৃক্ষ ৰোপণ কাৰ্যসূচীত উপস্থিত থাকি এই বিষয়ে সংবাদ মাধ্যমযোগে উল্লেখ কৰে ২৪ নং এছ.এছ.বিৰ কামাণ্ডেণ্ট দীপক সাহীয়ে ৷

এছ.এছ.বি জোৱানৰ বৃক্ষৰোপন কাৰ্যসূচী
এছ.এছ.বি জোৱানৰ বৃক্ষৰোপন কাৰ্যসূচী

জোৱান সকলে বৰ্তমানলৈ ৭ হাজাৰ বৃক্ষ ৰোপণ কৰিবলৈ সক্ষম হৈছে ৷ পৰিৱেশ ৰক্ষাৰ বিষয় কেৱল কিতাপত আবদ্ধ হৈ থাকিলেই নহ'ব, এই ক্ষেত্ৰত সকলোৱে হাতে কামেও ধৰিব লাগিব বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে কামাণ্ডেণ্ট গৰাকীয়ে ৷ আনাহতে জোৱান সকলৰ বৃক্ষ ৰোপন কাৰ্যসূচীত স্থানীয় ৰাইজে যথেষ্ট সহায়-সহযোগিতা আগবঢ়াইছে বুলিও জানিবলৈ দিয়ে কামাণ্ডেণ্ট দীপক সাহীয়ে ৷ সোমবাৰে জোৱানসকলে বগাজুলিৰ শিৱ আশ্ৰম পথ আৰু কালিপুৰ সংযোগী পথৰ দুয়োকাষে বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপণ কৰে । বৃক্ষ ৰোপণ কাৰ্যসূচীত জোৱান সকলৰ লগতে, স্থানীয় ৰাইজ আৰু স্থানীয় গাওঁবুঢ়া সকলেও অংশগ্ৰহণ কৰে ।

বাক্সা জিলাৰ ভিন্ন প্ৰান্তত এছ.এছ.বি জোৱানৰ বৃক্ষৰোপন কাৰ্যসূচী
লগতে পঢ়ক: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক নম্বাৰ 100ক প্ৰত্যাহ্বান ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.