ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Sep 20, 2022, 9:08 AM IST

ছোনিয়াৰ সেউজ সংকেত : AICC ৰ সভাপতিৰ যুঁজত নমাৰ পূৰ্ণ সম্ভাৱনা শশী থাৰুৰৰ

২৪ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া । মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ৮ অক্টোবৰ আৰু প্ৰয়োজন সাপেক্ষে ১৭ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব (Congress president election )। ১৯ অক্টোবৰত ফলাফল ওলাব । ইতিমধ্যে ছোনিয়া গান্ধীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে সেউজ সংকেত লাভ কৰিছে শশী থাৰুৰে (Shashi Tharoor gets Sonia Gandhis nod) ৷

জম্মু-কাশ্মীৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী

কাশ্মীৰৰ অনন্তনাগ জিলাত গ্ৰেপ্তাৰ আনচাৰ ঘাজৱাত উল হিন্দ চমুকৈ AGuH ৰ সদস্য (two hybrid terrorists of AGuH arrested) ৷ দুয়োটা সন্ত্ৰাসবাদীৰ পৰা জব্দ কৰা হৈছে দুটা পিস্তল, দুটা মেগজিন আৰু 15 জাঁই সজীৱ গুলী ৷

সাংবাদিকে কি কি প্ৰশ্ন কৰিব সেয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতেহে হ’ব !

সংবাদ জগতক নিয়ন্ত্ৰণৰ বাবে উঠি-পৰি লাগিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ যিকোনো ধৰণৰ অভিযোগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক সাংবাদিকে প্ৰশ্ন কৰিলেই খঙত টিঙিৰি-তুলা হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ সাংবাদিকে কি প্ৰশ্ন কৰিব সেয়াও যেন মুখ্যমন্ত্ৰীগৰীকীয়েহে নিৰ্ধাৰণ কৰি দিব ৷ এইবাৰ সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকলৈ চিঠি লিখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma wrote letter to editors)৷

অৱশেষত জয়মালাৰ কাষত অসম চৰকাৰৰ প্ৰতিনিধি দল

জয়মালাক স্বচক্ষে প্ৰত্যক্ষ কৰিল অসম চৰকাৰৰ এটা প্ৰতিনিধি দলে ৷ তামিলনাডুত জয়মালা সুস্থ অৱস্থাত থকা বুলি জনালে দলটোৱে (Jayamala elephant in Tamil Nadu)৷

চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদত বহিল বঞ্চিত শিক্ষক

চচলত প্ৰাদেশিকীকৰণৰ দাবীত প্ৰতিবাদত বহিল প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকসকল (Venture teachers protest in Chachal) ৷ প্ৰাপ্য অধিকাৰৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷

জনজাতিকৰণৰ দাবীত ডুমডুমাত মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদানৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে(Maran Students Union protest in Dumduma) । মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে ডুমডুমাৰ ৰূপাইৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে(PM Effigy burn in Dumduma) ।

বিধানসভাত বিৰোধীক ৰাইজৰ সমস্যাক তুলি ধৰাত বাধা প্ৰদানৰ অভিযোগ কংগ্ৰেছৰ

সোমবাৰে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ শেষ দিন (Autumn session of Assam assembly) । অধিৱেশনৰ শেষ দিনটোত সাংবাদিকৰ আগত ক্ষোভ উজাৰি কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইনে বিৰোধী বিধায়কসকলক অসমৰ ৰাইজৰ জলন্ত সমস্যাবোৰ বিধানসভাৰ মজিয়াত তুলি ধৰাত বাধা প্ৰদান কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে (MLA Rakibul Hussain criticize Govt) ৷

বিধানসভাৰ অন্তিম দিনত ১৩ খনকৈ বিধেয়ক গৃহীত

বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ সামৰণি দিনা ১৩ খনকৈ বিধেয়ক গৃহীত (13 bills passed in Assembly) হয় । উল্লেখ্য় যে যোৱা ১২ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হৈছিল বিধানসভাৰ শৰৎকালীন অধিৱেশন ।

পল্টনবজাৰত ৰিক্সাৱালাৰ পৰা উদ্ধাৰ গুলীসহ পিষ্টল

নিশা মহানগৰীত পিষ্টল লৈ অবাধে মুক্ত বিচৰণ ৰিক্সাৱালাৰ ৷ পল্টনবজাৰ আৰক্ষীয়ে দেওবাৰে নিশা পাঁচজাই গুলীসহ এটা পিষ্টল জব্দ কৰে (pistol seized from a rickshaw driver)৷

চোৰক আকৃষ্ট কৰিব পৰা কোনো সম্পত্তি সত্ৰত ৰাখিব নালাগে: ভাস্কৰজ্যোতি মহন্ত

সত্ৰসমূহত ঘটনাই চুৰিকাণ্ড সংঘটিত হ’বলৈ ধৰিছে ৷ ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় দিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্য়োতি মহন্তই ৷ আনহাতে সৰু সৰু কাজিয়াতে আৰক্ষীৰ কাষষ চপা কাৰ্যকো ভালনোপোৱা বুলি জনালে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে(DGP Bhaskarjyoti Mahanta) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.