ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি - PM Modi on double engine government

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি
9 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Apr 29, 2022, 9:00 AM IST

মোডীৰ সভাত মানুহ অনাৰ বাবে বাহনৰ বাবদ ২৯.৩৫ কোটি টকা ব্যয়

ডিব্ৰুগড় আৰু কাৰ্বি আংলঙৰ প্ৰধানমন্ত্রীৰ সভাৰ বাবে বাছ-ছুমুকে ধৰি ৮,১৫০ খন যাত্রীবাহী বাহন অধিগ্ৰহণ চৰকাৰৰ (Expenditure on traveling to Modi's meeting)। মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈকে তিনিদিন ধৰি বাছৰ অভাৱত পণবন্দী সাধাৰণ যাত্রীসকল । মোদীৰ সভালৈ মানুহ অনাৰ বাবে ৮,১৫০খন যাত্রীবাহী বাহনৰ বাবদ ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে ২৯ কোটি ৩৫ লাখ টকা ।

কাৰ্বি আংলঙৰ জনতাক কি আশ্বাস দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?

হৰ্ষ ধ্বনিৰে মুখৰিত কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰীৰ শান্তি, ঐক্য আৰু বিকাশৰ ৰেলী ৷ ‘‘ভাজপাৰ ডাবল ইঞ্জিন চৰকাৰ য’তেই থাকিব ত'তেই সবকা সাথ সবকা বিকাশ, বিশ্বাস’’ থকাৰ আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Modi on double engine government) ৷

ড৹ ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰালে প্ৰধানমন্ত্ৰী মোডীয়ে

ডিব্ৰুগড় খনিকৰত অনুষ্ঠিত জনসভাত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ডিব্ৰুগড়ৰ নৱনিৰ্মিত কেঞ্চাৰ কেয়াৰ হাস্পতালৰ লগতে ৰাজ্যৰ আন ছযখন কেঞ্চাৰ কেয়াৰ হাস্পতাল শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে (PM opened cancer care hospital in Dibrugarh) ৷

ভাৰ্চুৱেলী মুকলি হ'ল যোৰহাট কেঞ্চাৰ হাস্পতাল

ৰাইজৰ সেৱাৰ বাবে বৃহস্পতিবাৰে ৰাজ্যত মুকলি সাতখনকৈ কেঞ্চাৰ হাস্পতাল (PM Modi to inaugurate cancer hospitals in Assam)৷ ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী মোডীয়ে আনুষ্ঠানিকভাৱে কেঞ্চাৰ কেয়াৰ হাস্পতাল (PM Modi Visits Dibrugarh) মুকলি কৰাৰ লগতে ভাৰ্চুৱেলী মুকলি কৰিলে যোৰহাট কেঞ্চাৰ হাস্পতাল ৷

মঙলদৈতো মুকলি হ’ল কেঞ্চাৰ চিকিৎসালয়

মঙলদৈত স্থাপন ৪০ খন বিচনা যুক্ত কেঞ্চাৰ চিকিৎসালয় (Cancer care hospital opened in Mangaldai) ৷ টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত মঙলদৈতো স্থাপন কৰা হৈছে কেঞ্চাৰ চিকিৎসালয় । মঙলদৈ অসামৰিক চিকিৎসালয়ৰ দাঁতিতে স্থাপন কৰা হৈছে এই চিকিৎসালয়খন

জ্যোতিষীৰ ঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ; হত্যাৰ সন্দেহ

দিছপুৰ লাষ্টগেটত জ্যোতিষী নীল মাধৱ শইকীয়াৰ বাসগৃহৰ পৰা উদ্ধাৰ পম্পী ঘোষ নামৰ এগৰাকী মহিলাৰ মৃতদেহ । যুৱতী গৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি প্ৰেমিকৰূপী জ্যোতিষী নীল মাধৱেই পম্পী ঘোষক হত্যা কৰিছে (Astrologer allegedly killed girl in Guwahati) ।

পূৰ্ণ গতিত চলিছে ভাৰত-চীন সীমান্তৰ চেলা পাছত সুৰংগ নিৰ্মাণৰ কাম

৭০% সমাপ্ত হৈছে চেলা পাছৰ মাজেদি সুৰংগৰ নিৰ্মাণৰ কাম ৷ নেপথ্যত আছে এগৰাকী মহিলা অভিযন্ত্ৰা নিকিতা চৌধুৰী ৷ জানো আহক কিয় গুৰুত্বপূৰ্ণ এই সুৰংগ (Importance of Sela tunnel) ৷

হিন্দী ভাষাক লৈ টুইটাৰত শীতল যুদ্ধ অভিনেতা অজয় দেৱগন আৰু কিচ্চা সুদীপৰ মাজত

অভিনেতা সুদীপে বিগত সপ্তাহত এটা চলচ্চিত্ৰ উন্মোচন অনুষ্ঠানত কৈছিল, "হিন্দী এতিয়া আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়" ৷ তাকে লৈ অভিনেতা অজয় দেৱগণে টুইটাৰত নিজৰ মত প্ৰকাশ কৰাৰ পিছত দুয়ো তাৰকাৰে মাজত আৰম্ভ হৈছে এখন শীতল যুদ্ধ (Ajay Devgn Kichcha Sudeep engage in twitter debate over hindi language) ৷

জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত লখিমপুৰত কংগ্রেছৰ প্ৰতিবাদ

গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰক (Jignesh Mevani arrested by Assam police) লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । বাক স্বাধীনতা আৰু গণতন্ত্ৰ ৰক্ষা, ক্ষমতাৰ অপপ্ৰয়োগ বন্ধ কৰাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছে বৃহস্পতিবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

বৰপেটাত একলাখ লোকৰ ভিতৰত ২০০ গৰাকী আক্ৰান্ত কৰ্কটত

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বৰপেটা কৰ্কট হাস্পতালখনো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ভাৰ্চুৱেলী মুকলি কৰে(PM Modi inaugurates cancer care centre in Barpeta) ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ শুকুৰবাৰৰ পৰা হাস্পতালখনত আৰম্ভ হ’ব ৰোগীৰ চিকিৎসা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.