ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 14, 2022, 9:04 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

পৰম্পৰা ৰক্ষা কৰি মৰাণৰ ৰাইজে পালন কৰিলে গৰু বিহু

আজি গৰু বিহু ৷ বৃহস্পতিবাৰে পুৱাৰে পৰা মাহ-হালধিৰে গোহালিৰ গৰুহালক নোৱাই-ধুৱাই ৰঙালীক (Rangali bihu celebrates in Assam) আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া ৷ পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ ডিব্ৰুগড় জিলাৰ মৰাণ, খোৱাং গ্ৰাম্য অঞ্চলৰ ৰাইজে পালন কৰিলে গৰু বিহু (Goru Bihu celebrations at Moran) ।

Cyber Attack in Oil India Limited : স্তব্ধ হৈ পৰিছে অইল ইণ্ডিয়া লিমিটেডৰ কাম-কাজ

হেকাৰৰ কবলত পৰিছে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেড (Oil India Limited server hacked) ৷ বৰ্তমানলৈকে স্তব্ধ হৈ পৰিছে অইল ইণ্ডিয়াৰ সমগ্ৰ কাম-কাজ ৷

ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰে পুনৰ প্ৰৱৰ্তন কৰিব লটাৰী

চুবুৰীয়া ৰাজ্যত লটাৰী চলি থকাৰ বাবে অসমে চৰকাৰে হেৰুৱাইছে বুজন পৰিমাণৰ ৰাজহ । সেয়ে দুই দশকৰ পাছত পুনৰ লটাৰী আৰম্ভ কৰাৰ চিন্তা-চৰ্চা চৰকাৰৰ (Government Lottery in Assam)। লটাৰীৰ যোগেদি প্ৰতি বছৰে চৰকাৰে লাভ কৰিব ২০০০ কোটিৰ পৰা ২৫০০ কোটি টকাৰ ৰাজহ । এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

কাৰাউলি ভ্ৰমণৰ সময়ত আটক বিজেপি সাংসদ তেজস্বী সূৰ্য

বিজেপি সাংসদ তথা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি তেজস্বী সূৰ্যক বুধবাৰে আটক কৰে আৰক্ষীয়ে ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ড৹ সতীশ পুনিয়াৰ সৈতে কাৰাউলীলৈ যোৱাৰ পথত আৰক্ষীয়ে বাধা দিছিল নেতাগৰাকীক(BJYM President stopped by Police from visit Karauli) । ফলত ৰাজপথতেই প্ৰতিবাদ সাব্যস্ত কৰে নেতাগৰাকীয়ে ৷

পৰম্পৰাগত পোছাকত শীতলাক মাতাৰ উপাসনাত নিমজ্জিত ছত্তিশগড়ৰ আবকাৰী মন্ত্ৰী

ছত্তিশগড়ৰ আবকাৰী মন্ত্ৰী কাৱাচী লাখমাই মঙলবাৰে চুকমাত ডৰনাপালত পৰম্পৰাগত পোছাক, ডিঙিত ফুলৰ মালা পিন্ধি লাখমা শীতলাক মাতাৰ উপাসনাত নিমজ্জিত হোৱা দেখা গৈছিল(Kawasi Lakhma worshiped maa Sheetla) । হাতত ময়ূৰৰ পাখি লৈ মন্ত্ৰীগৰাকীয়ে শীতলা মাৰ ভক্তিত নিমজ্জিত হৈ ঢোলৰ তালে তালে নাচিছিল ৷ তেওঁ পূজাৰ মাজতে কড়ীৰে পিঠিত কোব মাৰাও দেখা গৈছিল । পূজাত উপস্থিত ভক্তসকলে মন্ত্ৰীগৰাকীৰ এটা ভিডিঅ’ও বনাইছিল ৷ এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ৷

ত্ৰিপুৰাত ১৭ এপ্ৰিলৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব ভাৰত-বাংলা পৰ্যটন মহোৎসৱ

ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাত অনুষ্ঠিত হ'ব ভাৰত-বাংলা পৰ্যটন মহোৎসৱ (Tripura to host India Bangla Tourism Festival)। ১৭ এপ্ৰিলৰ পৰা আগৰতলাৰ উজ্জয়ন্ত প্ৰাসাদৰ চৌহদত হ'ব এই মহোৎসৱ । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে শুভাৰম্ভ কৰিব মহোৎসৱৰ ।

GMC elections 2022 : গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা

গুৱাহাটী কমাৰ্চ কলেজত পৌৰ নিগম এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োজিত হ'বলগীয়া আৰক্ষীৰ লোকক প্ৰশিক্ষণ প্ৰদান । নিৰাপত্তাৰক্ষীৰ উপৰি ৭৪ জন ছেক্টৰ অফিচাৰ আৰু ৮ জন জ’নেল অফিচাৰক নিয়োগৰ ব্যৱস্থা (security arrangements for GMC elections 2022)।

Dead body rescue in Guwahati : বামুনীমৈদানৰ নলাত মৃতদেহ উদ্ধাৰ

ৰাজ্য ক্ৰমাৎ উদ্ধাৰ হৈছে ইটোৰ পাচত সিটোকৈ মৃতদেহ (Dead bodies rescue in Guwahati) ৷ যাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ গুৱাহাটী মহানগৰীত ৷ সমান্তৰালকৈ বুধবাৰৰ দিনটোত পুনৰ মহানগৰীৰ বামুনীমৈদানত উদ্ধাৰ হ'ল আন এটি মৃতদেহ (One dead body rescue at Bamunimaidan)৷

চি আৰ পি এফৰ ৩৪ নং বেটেলিয়ান কেম্পত ৰক্তদান শিবিৰৰ আয়োজন

"ৰক্তদান মহান দান" এই মূলমন্ত্ৰকে লৈ ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিল চি আৰ পি এফ জোৱান । শৌৰ্য দিৱস উপলক্ষে নগাঁৱৰ কাতিমাৰীস্থিত চি আৰ পি এফৰ ৩৪ নং বেটেলিয়ানৰ উদ্যোগত বুধবাৰে আয়োজন কৰা হয় ৰক্তদান শিবিৰৰ ।

গোৱালপাৰাত ৰাইজক বিহুৰ শুভেচ্ছা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

বুধবাৰে গোৱালপাৰাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal in Goalpara) । গোৱালপাৰাত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰে পিচপৰা পৰা ৰাজ্যসমূহত শিক্ষা, স্বাস্থ্য, আৰু কৃষিৰ ক্ষেত্ৰত সুকীয়া পদক্ষেপ ল’ব বুলি জনায় মন্ত্ৰীগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.