ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 বাতৰি - TOP 10 AT 5PM

5 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT 5PM
5 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Oct 21, 2021, 5:03 PM IST

উপ-নিৰ্বাচন : বতাহত মিলি গ’ল শত্ৰু-মিত্ৰৰ পৰিচয়

ৰাজ্যৰ উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ এসময়ৰ শত্ৰু বৰ্তমান হৈ পৰিছে বন্ধু ৷ বিড়ম্বনাত পৰিছে মাথো সাধাৰণ জনতা ৷

ৰুষ্ট প্ৰকৃতিৰ কালৰূপ; উত্তৰাখণ্ডত 64 জনৰ মৃত্যু 11 জন সন্ধানহীন

উত্তৰাখণ্ড(Uttarakhand)ত কালৰূপ ধাৰণ কৰিছে বানে । ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বানত মৃত লোকৰ সংখ্যা ৷ সেনা আৰু এছ ডি আৰ এফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

অখিল গগৈয়ে দুমাহত থাওৰাবাসীৰ আস্থা লাভ কৰাতো অসম্ভৱ : সুশান্ত বৰগোহাঁই

আত্মবিশ্বাস বাঢ়িছে থাওৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ । বৃহস্পতিবাৰে শাসকীয় দলৰ প্ৰাৰ্থী গৰাকীয়ে কয়, থাওৰাত অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে কিছু প্ৰভাৱ বিস্তাৰ কৰিছে যদিও ক্ষতি কৰিব নোৱাৰে বিজেপিক ৷ দুমাহৰ পূৰ্বে আহি থাওৰাৰ এক লাখ পোন্ধৰ হাজাৰ ভোটাৰৰ আস্থা লাভ কৰাটো অসম্ভৱ অখিল গগৈৰ বাবে ৷ উপ-নিৰ্বাচনত বিজেপি এক নম্বৰত থকাৰ বিপৰীতে এতিয়া দ্বিতীয় স্থানৰ বাবে প্ৰতিযোগিতা আৰম্ভ হৈছে কংগ্ৰেছ-ৰাইজৰ দলৰ মাজত ৷ লগতে কংগ্ৰেছ-ৰাইজৰ দলৰ পুলিং এজেন্ট নাথাকিব বুলিও ক'লে সুশান্ত বৰগোহাঁয়ে ৷

থাওৰাত বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বী নাই : ৰাজ্যিক বিজেপিৰ সভাপতি

থাওৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সমষ্টিটোত বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা(Bhabesh Kalita)ই ৷ লগতে বিধায়ক অখিল গগৈ(Akhil Gogoi)ও তেওঁলোকৰ খেলৰ পৰা বহু দূৰত থকা বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল চিন্ময় শইকীয়া হত্যাকাণ্ডৰ ৮ অভিযুক্ত

চিন্ময় শইকীয়াৰ হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত আঠজন লোকক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । ইয়াৰে ৫ জন কিশোৰ । এতিয়াও পলাতক অৱস্থাত আছে কেইবাজনো অভিযুক্ত । দুৰ্গা পূজাৰ দশমীৰ নিশা ডিব্ৰুগড়ত চিন্ময় শইকীয়া নামৰ যুৱকজনক এদল উদণ্ড লোকে ৰাজপথতে নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ।

মহানগৰীৰ নুনমাটিত আৰক্ষীৰ জালত দুই বেটাৰী চোৰ

মহানগৰীত গাড়ীৰ বেটাৰী চুৰি কৰি ৰঙাঘৰৰ আলহী হ'ল দুই গভাইত চোৰ । ধৃত চোৰ দুটা ৰাজ ৰছেলি আৰু ৰাজু আহমেদ । পাৰ্কিং কৰা স্থানৰ পৰাই গাড়ীৰ বেটাৰী চুৰি কৰি নিছিল গভাইত চোৰ দুটাই ।

সাঁতোৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে শিৱসাগৰৰ আস্থাই

বেংগালুৰুত অনুষ্ঠিত 47 সংখ্যক গ্লেনমাৰ্ক জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা(47th Glenmark Junior National Swimming Competition)ত জুনিয়ৰ আৰু ছিনিয়ৰ দুয়োটা শাখাত পূৰ্বৰ অভিলেখ ভংগ শিৱসাগৰৰ সন্তান আস্থা চৌধুৰী(Astha Choudhury)ৰ ৷ প্ৰতিযোগিতাখনিত 100 মিটাৰ বাটাৰ ফ্লাই শিতানত 1.02.71 সময় সাঁতুৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আস্থাই ৷

মধ্য প্ৰদেশত দুৰ্ঘটনাত পতিত বায়ুসেনাৰ বিমান

মধ্য প্ৰদেশৰ ভিন্দৰত দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ু সেনাৰ মিৰাজ 2000 বিমান ৷ দুৰ্ঘটনাগ্ৰস্ত বিমানৰ পৰা পেৰাচুটৰ সৈতে জপিয়াই কথমপি প্ৰাণৰক্ষা পৰে পাইলটৰ ৷

বৰাকৰ ঘটনাত জড়িত আছে তৃতীয় পক্ষ : সাংসদ কুইন ওজা

‘বৰাকৰ ঘটনাত জড়িত আছে তৃতীয় পক্ষ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শ’লঠেকত পেলাবলৈ বৰাকত সংঘটিত হৈছে অসমীয়া ভাষা ওপৰত আক্ৰমণ । উপ নিৰ্বাচনত বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিনমন্যতাত ভোগাবলৈ সংঘটিত কৰা হৈছে এই কৰ্মৰাজি’ । কামৰূপৰ চাংসাৰিত উপস্থিত হৈ এই মন্তব্য কৰে গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজাই । ক’ভিড প্ৰতিষেধক আৰু মূল্যবৃদ্ধিৰ সন্দৰ্ভতো বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

কণ্ঠশিল্পী দেৱজিত বৰাক 'চলা গ্ৰাম্য অভয়াৰণ্য'ৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা

চলা ভিলেজ কনজাৰভেছন ছ'চাইটিৰ তৃতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠান বুধবাৰে গ্ৰাম্য অভয়াৰণ্যখনৰ মাজত অনুষ্ঠিত হয় । অনুষ্ঠানত চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিৰ আনুষ্ঠানিকভাৱে কণ্ঠশিল্পী দেৱজিত বৰাক 'চলা গ্ৰাম্য অভয়াৰণ্য'ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.